ETV Bharat / state

বান আহিছে কোকৰাঝাৰত

author img

By

Published : Jul 11, 2019, 7:26 PM IST

কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বান-খহনীয়াৰ প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় । বিধায়কগৰাকীয়ে গংগীয়া নৈক লৈ বৃহৎ প্ৰকল্প গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে বান-গৰা খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে ৷

http://10.10.50.80:6060//finalout3/assam-nle/thumbnail/11-July-2019/3808959_318_3808959_1562851879776.png

কোকৰাঝাৰ, 11 জুলাইঃ নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পাহাৰৰ পৰা নামি অহা সোণকোষ , গৌৰাং , গংগীয়া , লংগা আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ গংগীয়া নৈৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰাত জিলাখনৰ দোতমাৰ এক বিস্তীৰ্ণ অঞ্চল বানত ডুব গৈছে । দোতমাৰ তিনি নং সিকাৰবিল নামৰ গাঁওখন বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে৷ গাওঁখনৰ মাজেদি বৈ যোৱা গংগীয়া নৈৰ খহনীয়াৰ ফলত কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।

কোকৰাঝাৰৰ বানৰ তাণ্ডৱত প্লাৱিত ঘৰবাৰী আৰু গড়কাপ্তানি পথ

কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বান-খহনীয়াৰ প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় । বিধায়কগৰাকীয়ে গংগীয়া নৈক লৈ বৃহৎ প্ৰকল্প গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে বান-গৰা খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে ৷ ইপিনে নেৰানেপেৰা বৰষুণৰ বাবে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানো বাধাগ্ৰস্ত হৈছে ৷

Intro:কোকৰাঝাৰত ভয়াৱহ বানপানী ।
উটুৱাই নিলে ঘৰবাৰী , গড়কাপ্তানী পথ ।
আৰ্তজনৰ হাহাকাৰ …কত থাকিম , কি কৰিম ?

কোকৰাঝাৰ/১১ জুলাই:- ভূটানৰ পৰা নামি অহা বাঢ়নি পানী আৰু মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাৎ শোচনীয় হৈ পৰিছে নামনি অসমৰ বান পৰিস্থিতি । কোকৰাঝাৰ জিলাৰ মাজেৰে বৈ যোৱা কেবাখনো নদীৰ জলপৃষ্ঠ বৃন্ধি হৈ ঘৰবাৰী উটুৱাই নিয়াৰ লগতে খহাই পেলাইছে গড়কাপ্তানি পথ ।

Body: নেৰা নেপেৰা বৰষুনৰ লগতে ভূটানৰ পৰা নামি অহা পানীৰে ফেনে ফোটোকাৰে বৃদ্ধি পাইছে সোণকোষ , গৌৰাং , গঙ্গীয়া , লংগা নদীৰ জলপৃষ্ঠ । বিশেষকৈ গঙ্গীয়া নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰাত জিলাখনৰ দোতমাৰ এক বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ লগতে ঘৰ বাৰী ৰাস্তা ঘাট উটুৱাই নিছে । বানপানীৰ ফলত দোতমাৰ তিনি নং সিকাৰবিল নামৰ গাঁওখনৰ অৱস্থা অতিকে শোচনীয় হৈ পৰিছে । গাওঁখনৰে বৈ যোৱা গঙ্গীয়া নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত খহনীয়াৰ সৃষ্টি হৈছে আৰু খহনীয়াৰ পৰিণতিতে আজি কেবাটাও পৰিয়ালৰ ঘৰ বাৰী নদীত জাহ যায় । এক হাহাকাৰময় পৰিস্থিতিৰ মাজতে বন্যাৰ্ত জনতাই নিজৰ ঘৰ বাৰীৰ টিনপাত , সা-সৰঞ্জাম , ফাৰ্ণিচাৰ আদি ৰক্ষণাবেক্ষণৰ বাবে প্ৰচেষ্ঠা অব্যাহত ৰাখিছে । ঘৰ বাৰী উটি যোৱা পৰিয়ালসমুহে নিজৰ অন্ধকাৰময় ভৱিষ্যতৰ কথা ভাৱি শংকিত হৈ পৰিছে আৰু এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে । ইপিনে বানপানীয়ে বিভীষিকাময় ৰূপ ধাৰণ কৰাৰ খবৰ লাভ কৰিয়ে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বন্যাৰ্তৰ কাষত থিয় হয় । বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বানপানী -খহনীয়াৰ ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি ক্ষতিগ্ৰস্থতাৰ বুজ লয় । বিধায়কগৰাকীয়ে গঙ্গীয়া নদীক লৈ বৃহৎ প্ৰকল্পৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে সমস্যাসমুহৰ স্থায়ী সমাধানৰ পোষকতা কৰে ।
ইপিনে বৰ্তমানলৈকে কোকৰাঝাৰৰ ঠায়ে ঠায়ে তীব্ৰৰ পৰা তীব্ৰতৰ বৰষুণ দি থকাত নৈপৰীয়া জনসাধাৰণ নিজৰ অৱস্থানক লৈ শংকিত হৈ পৰিছে । জিলা প্ৰশাসনে ইতিমধ্যে সাহাৰ্য সামগ্ৰী লৈ বানাক্ৰান্ত অঞ্চল লৈ ৰাওনা হৈছে ।
Conclusion:চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অৰ্ন্তগত চাৰিখন গাওঁ ক্ৰমে গুৰশিংপাৰা, গোলাঝাৰ, আমিনপাৰা আৰু নাৱাডিৱাসীৰ গঞাৰাইজ বানপানীত আৱদ্ধ হোৱাত আজি ভাৰতীয় সেনাই উদ্ধাৰ কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.