কোকৰাঝাৰ, ২৯ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত (HSLC Result 2022)আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত (HS Result 2022) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কোকৰাঝাৰৰ ইউ এন একাডেমীৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক বুধবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে কোকৰাঝাৰস্থিত ইউ এন একাডেমীৰ চৌহদত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানতে ইউ এন একাডেমীৰ সাতগৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় (Felicitation program held at UN Academy in Kokrajhar)৷

এই কৃৰ্তী শিক্ষাৰ্থীসকলক একোটাকৈ ট্ৰফী, কিতাপৰ টোপোলা আৰু আৰনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানত উপস্থিত থকা ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় পঞ্জীয়ক সুবুং বসুমতাৰীয়ে ৷

সম্বৰ্ধনা লাভ কৰা কৃৰ্তী শিক্ষাৰ্থী কেইগৰাকী ক্ৰমে বৌসনগিৰী মুছাহাৰী (৯৫.৮৩%, HSLC), জুগামী বসুমতাৰী (৯৩.৮৩%, HSLC), সিগাংছাৰ বসুমতাৰী (৯২.৮৩%), কলমবাছ বড়ো (৮২.৪%, HS, বিজ্ঞান শাখা), সঞ্জনা বড়ো (৮৪.৬% , HS, কলা শাখা), কৃষি মুছাহাৰী আৰু বিজিত গৌৰা বসুমতাৰী ৷

ইয়াৰোপৰি বুধবাৰে আয়োজিত এই অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ মাৰ্ক লাভ কৰা কোকৰাঝাৰ ইউ এন একাডেমীৰ ৭২গৰাকী ছাত্ৰ-ছাত্ৰীকো একোখনকৈ আৰনাই আৰু কলমৰে সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, ইউ এন একাডেমী কোকৰাঝাৰৰ সঞ্চালক কৃঞ্চ গোপাল বসুমতাৰীয়ে আঁত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য প্ৰফুল্ল কুমাৰ হাজোৱাৰী, কোকৰাঝাৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ক্ৰমে বৈহিথি বৰগয়াৰী আৰু ডি ডি মুছাহাৰীকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে ইউ এন একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল ৷
লগতে পঢ়ক : দাৰিদ্ৰতাক নেওচি মৰাণৰ প্ৰিয়া তাচাই মাৰিলে সফলতাৰ হাঁহি