কোকৰাঝাৰ,26 ফেব্ৰুৱাৰীঃ ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ কোকৰাঝাৰত অনুষ্ঠিত এক জনসভাত অংশ লৈ বুধবাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নিৰ্বাচন সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ সংবাদমাধ্যমৰ আগত সাংসদ দৈমাৰীয়ে বিজেপি,অগপ আৰু বি পি এফৰ মিত্ৰতাৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে জয়লাভ কৰাতো নিশ্চিত বুলি দাবী কৰে ৷
মিত্ৰদল আৰু বি পি এফৰ আলোচনাৰ মাধ্যমতহে প্ৰাৰ্থীত্ব প্ৰদান সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জনায় সাংসদগৰাকীয়ে ৷ কিন্তু,বি পি এফৰ তৰফৰ পৰা কোনো প্ৰাৰ্থীয়ে পুনৰ ৰাজ্যসভাত স্থান পোৱাতো নিশ্চিত বুলি উল্লেখ কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ।