ETV Bharat / state

গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন অন্তৰীক্ষ শৰ্মা

author img

By

Published : Jul 6, 2022, 10:55 PM IST

কোকৰাঝাৰৰ গৌৰাং নৈত পৰি সন্ধানহীন হ’ল ছাত্ৰ (Engineering student missing) ৷ ছাত্ৰজনৰ নাম অন্তৰীক্ষ শৰ্মা (১৯) ৷ জানিব পৰা মতে, অন্তৰীক্ষ কোকৰাঝাৰস্থিত বি বি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ ৷

Engineering student missing
গা ধুবলৈ গৈ গৌৰাং নৈত পৰি সন্ধানহীন অন্তৰীক্ষ শৰ্মা

কোকৰাঝাৰ, ৬ জুলাই : গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হ’ল কোকৰাঝাৰস্থিত বি বি ইঞ্জিনিয়াৰিং কলেজৰ এগৰাকী ছাত্ৰ (Youth drowns in Gaurang river) ৷ নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ নাম অন্তৰীক্ষ শৰ্মা (১৯) ৷ জানিব পৰা মতে, বি বি ইঞ্জিনিয়াৰিং কলেজৰ দ্বিতীয় ষাণ্মাষিকৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ অন্তৰীক্ষ গুৱাহাটীৰ মিৰ্জাৰ নিৱাসী ৷

প্ৰাপ্ত বাতৰি মতে, বি বি ইঞ্জিনিয়াৰিং কলেজৰ পাঁচজনীয়া ছাত্ৰৰ এটি দলে প্ৰচণ্ড গৰমৰ হেতুকে বুধবাৰে বিয়লি প্ৰায় ৪ বজাত কোকৰাঝাৰ সদৰ চহৰৰ গাতে লাগি থকা চান্দামাৰীৰ গৌৰাং নদীত গা ধুবলৈ গৈছিল । গৌৰাং নৈত গা ধুই থাকোতেই হঠাত নৈত অন্তৰীক্ষ শৰ্মা নামৰ ছাত্ৰজনৰ সন্ধানহীন হয় । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

পৰৱৰ্তী সময়ত অন্তৰীক্ষৰ বন্ধুবৰ্গই ঘটনা সন্দৰ্ভত অৱগত কৰে মহাবিদ্যালয় কৰ্তৃপক্ষক ৷ লগে লগে ঘটনাস্থলিত উপস্থিত হৈ মহাবিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সন্ধানহীন ছাত্ৰজনৰ কোন সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : কামপুৰৰ তেলিয়াআটিত যুৱকৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.