ETV Bharat / state

বৈচিত্ৰময় অসমঃ আদিবাসীক বুলিলে চাহ জনগোষ্ঠী ! - gosaigaon

অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা 'বৈচিত্ৰময় অসম' নামৰ পাঠ্যপুথি খনৰ 43 পৰা 46 পৃষ্ঠাত ভাৰতৰ পুৰণি আদিবাসী জনগোষ্ঠীটোক চাহ জনগোষ্ঠী বুলি লিপিবদ্ধ কৰা হৈছিল ৷

সুশীল কুৰ্মীৰ পুত্তলিকা দাহ
author img

By

Published : Jun 4, 2019, 3:12 PM IST

কোকৰাঝাৰ , 04 জুন : মঙলবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আছাই অসম সাহিত্য সভাৰ বিষয়ববীয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা 'বৈচিত্ৰময় অসম' নামৰ পাঠ্যপুথি খনৰ 43 আৰু 46 পৃষ্ঠাত আদিবাসী জনগোষ্ঠীটোক চাহ জনগোষ্ঠী বুলি লিপিবদ্ধ কৰা হৈছিল ৷ এই কাণ্ডটোকলৈ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন সমূহ জাঙুৰ খাই উঠে ৷

অসম সাহিত্য সভাৰ বিষয় ববিয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ

সেয়ে উক্ত কাৰ্যৰ প্ৰতিবাদ জনাই আজি গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আছাই অসম সাহিত্য সভাৰ বিষয়ববীয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মকৰ্তা সকলে সুশীল কুৰ্মী মুৰ্দাবাদ, আদিবাসী সকলক লৈ ষড়যন্ত্ৰ নচলিব,অসম সাহিত্য সভা হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰা জিলা উপদেষ্টা পিটাৰ হাছদাই কয় যে, সুশীল কুৰ্মীৰ এনে লিখনীয়ে ভবিষ্যতে জনগোষ্ঠীটোক পংগু কৰি পেলাব আৰু অসমৰ ইতিহাসত জনগোষ্ঠীৰ নামটো ভূলকৈ লিপিবদ্ধ হৈ ৰ'ব ৷ গতিকে সংগঠনটোৱে এনে ভুৱা নামৰ নামাকৰণ উঠাই লবলৈ দাবী কৰে অন্যথা আৰু তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী দলটোৱে ৷

Intro: আদিবাসী জনগোষ্টীৰ ইতিহাস বিনষ্ট কৰাৰ চেষ্টা কৰা সুশিল কুৰ্মীৰ পুত্তলিকা দাহ আছাৰঃ

গোসাইগাঁও: 4 জুন -অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰস্তুত কৰি উলোৱা নৱম আৰু দশম শ্ৰেণীৰ বাবে  ""বৈচিত্ৰ্যময় অসম "" নামৰ পাঠ্যপুথি খনৰ ৪৩পৰা ৪৬ পৃস্টাত ভাৰতৰ পুৰনি জনগোষ্ঠী আদিবাসী জনগোষ্ঠীটোক চাহ জনগোষ্টী বুলি উত্থাপন কৰা কাৰ্যত জাঙুৰ খাই উঠিছে আদিবাসী জনগোষ্টীৰ বিভিন্ন দল সংগঠন  ৷ উক্ত কাৰ্যৰ প্ৰতিবাদ জনাই আজি গোসাইগাৱৰ শ্ৰীৰামপুৰত আছাই অসম সাহিত্য সভাৰ বিষয় ববিয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাৱ্যস্থ কৰে।Body: আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিবাদী কাৰ্যসুচীত অংশগ্ৰহন কৰা কৰ্মকৰ্তা সকলে সুশীল কুৰ্মী মুৰ্দাবাদ,আদিবাসী সকলক লৈ ষড়যন্ত্ৰ নচলিব,অসম সাহিত্য সভা হুচিয়াৰ,আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷  Conclusion: কাৰ্যসুচীত অংশগ্ৰহন কৰা জিলা উপদেষ্টা পিটাৰ হাছদাই কয় যে সুশীল কুৰ্মীৰ এনে লিখনীয়ে অদুৰ ভবিষ্যতে জনগোষ্ঠীটোক পংগু কৰি পেলাব আৰু অসমৰ ইতিহাস ভুলকৈ জনগোষ্ঠীৰ নামটো লিপিবদ্ধ হৈ ৰব ৷ গতিকে এনে ভুৱা নামৰ নামাকৰন উঠাই লবলৈ দাবী কৰে অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৷

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.