কোকৰাঝাৰ, 24 জুনঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও চহৰৰ এগৰাকী যুৱকক অপহৰণ কৰি হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অপহৰণ কাণ্ডৰ লগত জড়িত চাৰি অপহৰণকাৰীক কালি আৰক্ষীয়ে আটক কৰি সোধ-পোচ কৰে ৷ জানিব পৰা মতে, গোসাইগাঁও চহৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ আক্তাৰ হুছেইন খানৰ পুত্ৰ আমিনুৰ হুছেইন খানক যোৱা ৯ জুনত অজ্ঞাত দুস্কৃতিকাৰীয়ে অপহৰণ কৰিছিল ৷ অপহৰণকাৰীসকলে প্ৰথমতে যুৱকজনৰ পৰিয়ালক ২০ লাখ টকা দাবী কৰিছিল যদিও পৰিয়ালে ইমান টকা দিবলৈ অপাৰগ হোৱাত পিছত চাৰি লাখ টকাত বন্দোবস্ত হৈছিল ৷ পৰিয়ালৰ লোকে টকাৰ ব্যৱস্থা কৰি থকাৰ সময়তে কালি আৰক্ষীয়ে অপহৰণ কাণ্ডৰ লগত জড়িত চাৰি যুৱকক আটক কৰি জেৰা কৰাত যুৱকজনক হত্যা কৰাৰ কথা পোহৰলৈ আহে ৷ ইপিনে,মঙলবাৰে আৰক্ষীয়ে অপহৰণকাৰী দুজনক লগত লৈ অভিযান চলাই কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বনাঞ্চলত উৱলি যোৱা অৱস্থাত যুৱক গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷
আনহাতে,বিটিচিত ৰাজ্যপালৰ শাসন চলি থকাৰ সময়তে এগৰাকী যুৱকক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰাটো অতি দুৰ্ভাগ্যজনক বুলি ৰাইজে আক্ষেপ কৰে ৷
লগতে পঢ়কঃ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন