কোকৰাঝাৰ, 11 মাৰ্চ: কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশৰ লগতে অসমত এইবাৰ ফাকুৱাৰ আনন্দ কিছু ম্লান পৰিলেও ব্যতিক্ৰম ছবি দেখা গ’ল গোসাঁইগাওঁ আৰু তামাৰহাট অঞ্চলত । গোসাঁইগাওঁ মহকুমা আৰু তামাৰহাটৰ বিভিন্ন অঞ্চলত দেখা পোৱা গ’ল ফাকুৱাৰ ব্যাপক আয়োজন ৷ গোসাঁইগাঁৱৰ কুৰ্শাকাটী সত্ৰত পালন কৰা হয় তিনিদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ । এই দৌল উৎসৱত অংশগ্ৰহণ কৰে শিশু, ডেকা-গাভৰু, পুৰুষ-মহিলা সকলোৱে ৷ ইজনে সিজনক দৌল উৎসৱ শুভেচ্ছা জনাই আনন্দত মতলীয়া হৈ পৰিছে ৰাইজ ।
আজিৰ দিনটোত প্ৰত্যেক বছৰে কুৰ্শাকাটী গাঁৱৰ এশঘৰ ভক্তই কুৰ্শাকাটী সত্ৰত একেলগ হৈ এনেদৰে আনন্দ-ফুৰ্তি কৰি এজনে আনজনৰ পৰা আৰ্শীবাদ-ভালপোৱা লোৱা দেখা যায় । অৱশ্যে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবেই এইবেলি কুৰ্শাকাটী সত্ৰত ভক্ত সকলে ৰাসায়নিক ৰং তথা আবিৰৰ সলনি আধ্যাত্মিক ভাবে দৌল উৎসৱ পালন কৰে । ভাগৱত পাঠ, বৰগীত, হোলী গীত, নাগৰানাম গাই দৌল উৎসৱ পালন কৰে ইয়াৰ ভক্ত সকলে ।