কোকৰাঝাৰ , 25 মাৰ্চ : কোকৰাঝাৰত ঐতিহ্যমণ্ডিত দৌল পূজা ৷ এশ আঠ বছৰত ভৰি দিলে 1911 চনৰ পৰা অনুষ্ঠিত হৈ অহা দোতমা ঘিলাগুৰীৰদৌল পূজাই৷
একৈশ মাৰ্চৰ পৰা আৰম্ভ হোৱা দোতমা অঞ্চলৰ ঐতিহ্য মণ্ডিত দৌল পূজাত প্ৰতিদিনে ৰাধা-কৃষ্ণৰ মূৰ্তিৰ সন্মুখত বড়ো পুৰোহিতে যজ্ঞ সম্পন্ন কৰে ৷ গোসাঁইৰ দোলাক নৃত্য গীতেৰে ,ফাকু খেলি আদৰণি জনাই মহিলা ভক্ত সকলে । বিভিন্ন সম্প্ৰদায়ৰ লোকৰ উপস্থিতিৰে সম্প্ৰীতিৰ বাৰ্তা বহন কৰিছে ঘিলাগুৰী দৌল উৎসৱে ।দৌল পূজা উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে গনকলাল ব্ৰহ্ম আৰু ইৰাকদাও ব্ৰহ্মই ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ।