ETV Bharat / state

কোকৰাঝাৰত 'অসম দৰ্শন' আঁচনিৰ অধীনত আৰ্থিক অনুদান - দুই লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ অনুমোদন পত্ৰসমূহ বিতৰণ

ৰাজ্য চৰকাৰৰ 'অসম দৰ্শন' (নামঘৰ) আঁচনিৰ অধীনত শনিবাৰে কোকৰাঝাৰ জিলাৰ ২৩৯ টা ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷ আৰ্থিক অনুমোদন পত্ৰসমূহ বিতৰণ কৰে সভাত উপস্থিত থকা বিটিআৰৰ দুই কাৰ্যবাহী সদস্য ক্ৰমে অৰুপ কুমাৰ দে আৰু উকিল মুছাহাৰীয়ে ৷

'অসম দৰ্শন' আঁচনি
'অসম দৰ্শন' আঁচনি
author img

By

Published : Jan 30, 2021, 7:39 PM IST

কোকৰাঝাৰ, ৩০ জানুৱাৰী: ৰাজ্য চৰকাৰৰ 'অসম দৰ্শন' (নামঘৰ) আঁচনিৰ অধীনত শনিবাৰে কোকৰাঝাৰ জিলাৰ ২৩৯ টা ধৰ্মীয় অনুষ্ঠানলৈ দুই লাখ টকাকৈ অসম চৰকাৰৰ পৰা আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় । ধৰ্মীয় অনুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰদান কৰা হয় এই আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ ৷

'অসম দৰ্শন' আঁচনি
'অসম দৰ্শন' আঁচনি

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সভাৰ জৰিয়তে জিলাখনৰ ২৩৯ টা ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷ জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আনুষ্ঠানিকভাৱে প্ৰথমে দহটা বাথৌ থানছালী, নামঘৰ আৰু সত্ৰলৈ দুই লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ অনুমোদন পত্ৰসমূহ বিতৰণ কৰা হয় ৷

'অসম দৰ্শন' আঁচনি
'অসম দৰ্শন' আঁচনি

আৰ্থিক অনুমোদন পত্ৰসমূহ বিতৰণ কৰে সভাত উপস্থিত থকা বিটিআৰৰ দুই কাৰ্যবাহী সদস্য ক্ৰমে অৰুপ কুমাৰ দে আৰু উকিল মুছাহাৰীয়ে ৷ উল্লেখ্য যে, আৰ্থিক অনুমোদন পত্ৰ বিতৰণী সভাত কোকৰাঝাৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা খনৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় অনুষ্ঠানৰ ধৰ্মগুৰু সকল উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, 'অসম দৰ্শন' আঁচনিৰ অধীনত ৰাজ্যখনৰ হিন্দু, ইছলাম, শিখ, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰ ৯১৫ খন তীৰ্থস্থান, দেৱালয়, উপাসনাস্থলী আৰু পৰ্যটনক্ষেত্ৰ সামৰি লোৱা হৈছে ।

লগতে পঢ়ক:অখিলৰ মুক্তিৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ 'জেল ভৰো' কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.