ETV Bharat / state

Ripu Chirang Reserve Forest: ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ ধ্বংসযজ্ঞ

জীৱশ্ৰেষ্ঠ মানৱৰ ধ্বংসযজ্ঞৰ ফলত জনাঞ্চললৈ ৰূপান্তৰিত হোৱাৰ উপক্ৰম ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চল ৷ নিদ্ৰামগ্ন বিটিআৰৰ বন বিভাগ । বেদখলকাৰীৰ কৱলত ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলৰ হেজাৰ হেজাৰ বিঘা মাটি ৷ নিঃচিহ্ন হোৱাৰ পথত বিলুপ্ত প্ৰায় সোণালী বান্দৰ, বন্যহস্তী, দুস্প্ৰাপ্য প্ৰজাতিৰ বিবিধ পখিলাৰ মুক্ত বিচৰণথলী উল্টাপানী আৰু সৰলপাৰা বনাঞ্চল (Saralpara Forest) ৷

Ripu Chirang Reserve Forest
জনাঞ্চললৈ ৰূপান্তৰিত হোৱাৰ উপক্ৰম ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চল
author img

By

Published : Mar 29, 2023, 1:59 PM IST

জনাঞ্চললৈ ৰূপান্তৰিত হোৱাৰ উপক্ৰম ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চল

কোকৰাঝাৰ, ২৯ মাৰ্চ : বিশ্ববাসীয়ে গোলকীয় উঞ্চতা বৃদ্ধি আৰু অস্বাভাৱিক জলবায়ুৰ পৰিবৰ্তন ৰোধৰ বাবে গছ-গছনি ৰোপণেৰে সেউজীয়া ধৰা গঢ় দিয়াত মনোনিৱেশ কৰাৰ সময়তে বিটিআৰৰ সংৰক্ষিত বনাঞ্চলত ব্যাপক হাৰত অব্যাহত আছে বন ধ্বংসযজ্ঞ (Deforestation in Kokrajhar) ৷ মানৱৰূপী এচাম দানৱে ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবলৈ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা মূল্যবান গছ-গছনি কাটি তহিলং কৰাৰ লগতে জ্বলাই ছাৰখাৰ কৰিছে (Ripu Chirang Reserve Forest) ৷

Ripu Chirang Reserve Forest
জনাঞ্চললৈ ৰূপান্তৰিত হোৱাৰ উপক্ৰম ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চল

এই ধ্বংসযজ্ঞৰ ফলত বিলুপ্তপ্ৰায় সোণালী বান্দৰ, বন্যহস্তী আৰু দুস্প্ৰাপ্য বিবিধ প্ৰজাতিৰ পখিলাৰ মুক্ত বিচৰণথলী ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলো বিলুপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৷ সমান্তৰালভাৱে হাজাৰ হাজাৰ বিঘা বনাঞ্চলৰ মাটি বেদখল কৰি ঘৰ-বাৰী সাজি খেতি-বাতি কৰিব লৈছে বিটিআৰ তথা ৰাজ্যাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্য নাগালেণ্ড আৰু পশ্চিমবংগৰ পৰা অহা লোকে (Encroachment in Ripu Chirang Reserve Forest) ৷ ইপিনে, সংবাদ মাধ্যমৰ আগত বেদখলকাৰীসকলে কয় যে উক্ত বনাঞ্চলত গৃহ জিলাৰ কোকৰাঝাৰ আৰু গোসাইগাঁৱৰ লগতে চিৰাঙৰ বিজনী, ওদালগুৰি, শোণিতপুৰ, গহপুৰ, কাৰ্বিআংলং, গোলাঘাট, নাগালেণ্ড আৰু পশ্চিমবংগৰ পৰা অহা বহু লোকে বনাঞ্চলৰ মাটি বেদখল কৰিছে ৷

কেবল ইমানেই নহয়, বেদকলকাৰীয়ে গছ কটা মেছিনেৰে (কৰত) বনাঞ্চলৰ বহু মূল্যবান গছ-গছনি কাটি তহিলং কৰি ভাগে ভাগে ১২/১৩ বিঘা বনাঞ্চলৰ মাটি পৰ্যন্ত গাই পতি দাগ দি ভগাই ল'বলৈকো কুন্ঠাবোধ কৰা নাই ৷ তদুপৰি বেদখলকাৰীয়ে গছ-গছনি কাটি তহিলং কৰা উল্টাপানী বনাঞ্চলৰ বিভিন্ন ঠাইত বহু মূল্যবান গছ কাটি বাটাম বনাই সেইবোৰৰ চোৰাং ব্য়ৱসায় কৰাৰ বাবে সাজু কৰি ৰখাও পৰিলক্ষিত হৈছে ৷ এনেদৰে বেদখলকাৰীয়ে বন ধ্বংস অভিযান অব্যাহত ৰাখিলে ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চল কেইবছৰমানৰ ভিতৰতে মৰুভূমি তথা জনাঞ্চলত পৰিণত হ'ব ৷

উল্লেখ্য যে বন বিভাগৰে এচাম বিষয়া-কৰ্মচাৰীৰ চকুৰ সন্মুখতে দিনক দিনে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী বনাঞ্চলত বন ধ্বংস অভিযান অব্যাহত থকা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Deforestation in Ultapani Forest) ৷ মনকৰিবলগীয়া যে এই বন বেদখলকাৰীৰ সুযোগ লৈ সক্ৰিয় হৈ উঠা এচাম বন মাফিয়া তথা চোৰাং কাঠৰ ব্যৱসায়ীয়ে ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলৰ উল্টাপানীত বহু মূল্যবান কাঠৰ চোৰাং বেহা অব্যাহত ৰাখিছে যদিও বন বিভাগ চকুমুদা কুলিৰ ভাও ধৰিছে ৷

লগতে পঢ়ক:Road accident in Sivasagar:আমগুৰিৰ হালোৱাটিঙত সংঘটিত পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.