ETV Bharat / state

Durand Cup 2023 : বতৰৰ বিধি-পথালিৰ মাজতে কোকৰাঝাৰত আৰম্ভ হ’ল ঐতিহাসিক ডুৰাণ্ড কাপ; উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী

author img

By

Published : Aug 5, 2023, 8:04 PM IST

কোকৰাঝাৰত ঐতিহাসিক ডুৰাণ্ড কাপ-2023 ফুটবল প্ৰতিযোগিতা আৰম্ভ ৷ উপস্থিত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ ৰাজস্থান ইউনাইটেড এফচি ১-০ গলৰ ব্যৱধানত জয়ী ৷ বতৰে বিধি-পথালি দিয়া সত্বেও জনতাৰ পাৰভঙা উছাহ ৷

Rajnath Singh Inaugurates 132nd Durand Cup
আৰম্ভ হ’ল ১৩২ সংখ্যক ঐতিহাসিক ডুৰাণ্ড কাপ

কোকৰাঝাৰত আৰম্ভ হ’ল ঐতিহাসিক ডুৰাণ্ড কাপ

কোকৰাঝাৰ, 5 আগষ্ট : এক নতুন ইতিহাসৰ সৃষ্টি কৰি কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ঐতিহাসিক ১৩২ সংখ্যক ডুৰাণ্ড কাপ ৷ অসম তথা বড়োলেণ্ড এলেকাৰ গৌৰৱময় ফুটবল যাত্ৰাত আন এক স্বৰ্ণিল যুগৰ আৰম্ভণি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেনা প্ৰধান মনোজ পাণ্ডে, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োকে ধৰি আন কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে ঐতিহাসিক ডুৰাণ্ড কাপৰ প্ৰথমখন খেল বড়োলেণ্ড এফচি আৰু ৰাজস্থান ইউনাইটেড এফ চিৰ মাজত অনুষ্ঠিত হয় ৷ দৰ্শকৰ পাৰভঙা উছাহ, তুমুল হৰ্ষোধ্বনিৰ মাজত আৰম্ভ হোৱা খেলখন পিছলৈ বতৰে বিধি-পথালি দিয়ে ৷

গেলেৰী ভৰ্তি দৰ্শকৰ পাৰভঙা উছাহৰ মাজতে বিৰতিলৈ কোনো দলে গল কৰিবলৈ সক্ষম নহ’ল ৷ বিৰতিৰ সময়তে বৰষুণৰ প্ৰকোপ বাঢ়ে আৰু তেনেকৈয়ে বিৰতি শেষ হোৱাৰ পিছত পুনৰাই খেল আৰম্ভ হয় ৷ দৰ্শকসকলে বৰষুণত তিতি বুৰি খেল উপভোগ কৰে আৰু বিৰতিৰ ক্ষন্তেক সময় পিছতে ৰাজস্থান ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফচিক এটা গল দিয়ে ৷ ইয়াৰ ক্ষন্তেক সময় পিছতে বৰষুণৰ প্ৰকোপ বাঢ়ে আৰু ৰেফাৰীয়ে খেল স্থগিত কৰে ৷ বৰষুণ কমাত পুনৰ খেল আৰম্ভ হয় আৰু ৰাজস্থান ইউনাইটেট এফচি বড়োলেণ্ড এফচিৰ বিৰুদ্ধে ১ - ০ গলত জয়ী হয় ৷

উল্লেখ্য যে শনিবাৰে ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সেনা প্ৰধান মনোজ পাণ্ডে সহ ভাৰতীয় সেনাৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেল উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰে ৷ আজি উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনাৰ তিনিখন ছুখই বিমান আৰু পাঁচ খন হেলিকপ্টাৰেৰে এয়াৰ শ্ব’ প্ৰদৰ্শন কৰা হয় ৷ তদুপৰি খেল পথাৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে সেনাৰ দলে আকৰ্ষণীয় বেণ্ড, সেনাবাহিনীয়ে বিভিন্ন কলা-কৌশল, কামাণ্ডো সকলে খুকুৰী নৃত্য প্ৰদৰ্শন কৰে ৷ ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতীকিভাৱে নিৰ্মিত বড়ো পৰম্পৰাগত তাঁৰবাদ্য, এখন প্ৰকাণ্ড চেৰেজা বজোৱা দৃশ্যই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ লোকক আকৰ্ষিত কৰে ৷

ইফালে ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজ ভাষণত সকলো খেলুৱৈ আৰু ভাৰতীয় সেনাক অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁ ভাষণ প্ৰসংগত কয় ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চল হ'ল ফুটবলৰ নাভিকেন্দ্ৰ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আৱেগৰ সতে জড়িত ক্ৰীড়া হ'ল ফুটবল ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সুন্দৰ পৰিৱেশত, সুন্দৰ মঞ্চত আমন্ত্ৰণ কৰি অনাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ফুটবলৰ প্ৰতি জনতাৰ উছাহ দেখি অভিভূত হৈছে বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মনত্ৰীজনে ৷

আনহাতে নিজৰ অতি চমু ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১১০ কোটি টকা ব্যয়েৰে কোকৰাঝাৰত ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব বুলি সদৰি কৰি আজিৰ এই খেলে কোকৰাঝাৰৰ সকলো জাতি -জনগোষ্ঠীৰ মাজত থকা মিলনৰ প্ৰতিচ্ছবিখন প্ৰতিফলিত কৰা বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, আজিৰ ফুটবল খেল প্ৰত্যক্ষ কৰিবলৈ হাজাৰ হাজাৰ লোক সমবেত হয় আৰু ষ্টেডিয়ামত এক উছবমুখৰ পৰিৱেশৰ সৃষ্টি হয় যদিও পিছলৈ বতৰে কিছু অসুবিধাৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে, ডুৰাণ্ড কাপ-২০২৩ মুঠ তিনিটাকৈ স্থানত অনুষ্ঠিত হ’ব ৷ আজিৰে পৰা কোকৰাঝাৰকে ধৰি গুৱাহাটী আৰু কলকাতা— এই তিনি ঠাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷

দশক দশক ধৰি জনপ্ৰিয় হৈ অহা ডুৰাণ্ড ফুটবল প্ৰতিযোগিতা নামেৰে জনাজাত এইবাৰৰ কাৰ্যসূচী ৩ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰ ২০২৩ৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে ৷ ইণ্ডিয়ান ছুপাৰ লীগ, আই-লীগ, আই-লীগ-২, সশস্ত্ৰ বাহিনী, স্থানীয় আৰু ২টা বিদেশী দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ৷ এই বৰ্ষৰ ডুৰাণ্ড কাপত মুঠ ২৪ টা দলে অংশগ্ৰহণ কৰিছে ৷ তাৰ ভিতৰত- আই এছ এলৰ পৰা ১২টা দল, আই-লীগৰ পৰা ৫টা দল, আই-লীগৰ পৰা ১ টা দল, সশস্ত্ৰ বাহিনীৰ পৰা ৩ টা দল, দুটা আন্তঃৰাষ্ট্ৰীয় দল আৰু এটা স্থানীয় দলে অংশগ্ৰহণ কৰিব ৷

কোকৰাঝাৰত ডুৰাণ্ড কাপ ফুটবলৰ ৮ খন লীগ মেচ আৰু এখন কোৱাৰ্টাৰ ফাইনেল সহ সৰ্বমুঠ ৯ খন খেল অনুষ্ঠিত হ'ব ৷ কোৱাৰ্টাৰ ফাইনেলৰ খেলখন ২৪ আগষ্টত ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে কোকৰাঝাৰত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপ ফুটবলত ৮ টা দলে অংশগ্ৰহণ কৰিছে আৰু দলসমুহ হ'ল ক্ৰমে বড়োলেণ্ড এফচি, ওড়িষা এফচি, দিল্লী এফচি, ডাউনটাউন হিৰোচ এফচি, ৰাজস্থান ইউনাইটেড এফচি, ইণ্ডিয়ান আৰ্মী এফচি, ত্ৰিভূৱন আৰ্মী এফচি আৰু ছিলং লাজং এফচি ৷

লগতে পঢ়ক : Chandrayaan-3 : চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পাছত চন্দ্ৰযানৰ পৰৱৰ্তী কাম কি হ'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.