কোকৰাঝাৰ, 20আগষ্টঃ বিটিচিত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজনীতি ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ তীব্ৰ যুঁজ ৷ এই বাকযুদ্ধ কেৱল সভা-সমিতিতেই আবদ্ধ নাই, ছ'চিয়েল মিডিয়াতো ইজনে-আনজনক কৰিছে আপত্তিজনক মন্তব্য ৷ যাৰ পৰিপ্ৰেক্ষিতত ইউপিপি (এল) দলে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ অনুগামী সকলে বিভিন্ন সময়ত কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে ৰুজু কৰিছে মানহানি গোচৰ ৷ কোকৰাঝাৰস্থিত ইউপিপিএলৰ দলৰ হাতীমাথাস্থিত মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত ইউপিপিএলৰ সম্পাদক তথা মুখপাত্ৰ উইলচন হাসদাই মন্তব্য কৰে যে, বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ আই টি চেলে নিৰবিচ্ছিন্নভাৱে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে অপপ্ৰচাৰত নামিছে ।
আনকি ৰাজহুৱা সভাতো হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো আৰু তেওঁৰ পত্নীৰ বিষয়ে কটু মন্তব্য কৰাৰ লগতে বিসংগতিপূৰ্ণ, তথ্যহীন আৰু আপত্তিজনক মন্তব্যৰে প্ৰমোদ বড়োক জনমানসত ভাৱমূৰ্তি বিনষ্ট আৰু হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে । তদুপৰি বিপিএফ দলৰ আই টি চেলে একাংশ ভুৱা একাউন্টধাৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰত লিপ্ত হোৱাত প্ৰমোদ বড়োৱে কোকৰাঝাৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি)/৫০০ ৰ অধীনত এক গোচৰ ( নং ৩৪/২০২০)ৰুজু কৰা বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷
আনহাতে, সংবাদমেলত ইউপিপিএলৰ সম্পাদক তথা মুখপাত্ৰ উইলচন হাসদাই অনখাং বসুমতাৰী, মিথু ভাই, নাৰ্জাৰী সৌমখৰ আৰু বৰগয়াৰী জানদ্বীপ আদি বহুকেইগৰাকী ফেচবুকত ভুৱা একাউণ্টধাৰীৰ নাম উল্লেখ কৰে ৷ ইপিনে পৰৱৰ্তী সময়ত ইউ পি পি এল দল আৰু সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে ভাবমূৰ্তি বিনষ্ট কৰা অযথা মন্তব্য প্ৰদান কৰি আহিলে হাত সাৱটি বহি নাথাকে বুলিও হুংকাৰ দিয়ে ৷
লগতে পঢ়কঃস্বচ্ছ সৰ্বেক্ষণ 2020 ৰ তালিকাত উত্তৰ-পূৱৰ স্বচ্ছ চহৰ হিচাপে বিবেচিত যোৰহাট জিলা