কোকৰাঝাৰ,১৫ মে': অসম সাহিত্য সভাৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি,অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক, জনগোষ্ঠীয় সমন্বয়ক, বিশিষ্ট সাহিত্যিক তথা কোকৰাঝাৰ হাতিমাথা নিবাসী অৰুণ কুমাৰ বৰগয়াৰী দেহৱসান । ৮৩ বছৰত শুকুৰবাৰে পৰলোকপ্ৰাপ্তি ঘটে সহিত্যিক গৰাকীৰ ।
বড়ো , অসমীয়া ভাষাত কেবাখনো গ্ৰন্থ, কবিতা পুথিৰ ৰচক তথা ড০ ভূপেন হাজৰিকাক ওচৰৰ পৰা পোৱা ব্যক্তি অৰুণ কুমাৰ হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গই অৰুণ কুমাৰ বৰগয়াৰীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
আনহাতে, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মা, এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী , আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় , আক্ৰাছুৰ উপদেষ্ঠা হিতেশ্বৰ বৰ্মন, মাৰোৱাৰী যুৱ মঞ্চৰ উপদেষ্ঠা সুনীল আঞ্চালিয়া , নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথকে ধৰি বিভিন্ন দল সংগঠনৰ নেতাই অৰুণ কুমাৰ বৰগয়াৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালৰ বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে, বিগত এপ্ৰিল মাহত বৰগয়াৰীৰ পত্নীৰ পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ পূৰ্বে বৰগয়াৰীয়ে এগৰাকী কন্যা আৰু পুত্ৰ সন্তান ইহজগতত এৰি থৈ যায় ।