ETV Bharat / state

Allegations Against DDU GKY: কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে নি যুৱতীগৰাকীক জড়িত কৰালে অপকৰ্মত - DDU GKY accused

বহিঃৰাজ্যত উদ্ধাৰ হৈছে অসমৰ এগৰাকী যুৱতী ৷ দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰৰ উদ্যোগত কৰ্মসংস্থাপনৰ বাবে নি যুৱতীগৰাকীক জড়িত কৰালে অপকৰ্মত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীয়ে দাখিল কৰিছে এজাহাৰ (Allegations Against DDU GKY) ৷

বহিঃ ৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী
বহিঃ ৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী
author img

By

Published : Sep 2, 2022, 7:50 AM IST

Updated : Sep 2, 2022, 1:10 PM IST

কোকৰাঝাৰ, 1 ছেপ্টেম্বৰ: পুনৰ বহিঃ ৰাজ্যত উদ্ধাৰ অসমৰ যুৱতী ৷ ৰাজ্যৰ একাংশ যুৱতী-মহিলাক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যলৈ লৈ গৈ বিভিন্ন অপকৰ্মত লিপ্ত কৰোৱা ঘটনা প্ৰায়ে পোহৰলৈ আহিছে ৷ আৰক্ষী-প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ হৈছে যদিও তাৰ মাজতে ন ন কৌশল প্ৰয়োগ কৰি একাংশ লোকে এইদৰে বহিঃ ৰাজ্যলৈ যুৱতী-মহিলা সৰবৰাহ কৰি আহিছে (Taking girls for employment) ৷

শেহতীয়াকৈ দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ অধীনত বহিঃ ৰাজ্যত কৰ্মসংস্থাপিত কৰিবলৈ নিয়া এগৰাকী যুৱতীক দিল্লীৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ আশ্ৰয় গৃহত বলপূৰ্বক অপকৰ্মত লিপ্ত কৰোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণ অনুসৰি, কোকৰাঝাৰ খাৰগাঁওস্থিত দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰত মাল্টিস্কিল টেকনিচিয়ান বিষয়ত চাৰি মহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছিল যুৱতীগৰাকীয়ে ৷

প্ৰশিক্ষণ গ্ৰহণৰ দুমাহ পিচত যুৱতীগৰাকীক দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰৰ ষ্টেট হেড পলাশ ৰাজবংশীয়ে চেন্নাইত 18 হেজাৰ টকা দৰমহাত চাকৰিত নিযুক্তি দিয়া হ’ব আৰু ৯ আগষ্টত তাইক চেন্নাই লৈ যাব বুলি জনায় ৷ সেই মৰ্মে ৯ আগষ্টত চেন্নাইৰ পৰিৱৰ্তে উক্ত যুৱতীসহ কেন্দ্ৰটোৰ মুঠ ৪০ গৰাকী যুৱক-যুৱতীক লৈ নৰ্থ ইষ্ট এক্সপ্ৰেছেৰে কেন্দ্ৰটোৰ ষ্টেট হেড পলাশ ৰাজবংশীয়ে উত্তৰ প্ৰদেশৰ "নয়দা"লৈ যাত্ৰা কৰে ।

নয়দাত মিন্দা কোম্পানীত এই যুৱক-যুৱতীসকলে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হয় ৷ কিন্তু উক্ত কোম্পানী কৰ্তৃপক্ষই যুৱক -যুৱতীসকলৰ কেইবাজনকো যোগ্য নহয় বুলি নথি পত্ৰবোৰ ওভোতাই দিয়ে । তেতিয়া পলাশ ৰাজবংশীয়ে যুৱক-যুৱতীসকলক আন কোম্পানীত নিযুক্তি দিয়া হ’ব বুলি আশা দেখুৱাই এটা হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিয়ে ।

কিন্তু সকলো কিনি খাবলগীয়া হোৱাত হাতত পৰ্যাপ্ত পৰিমাণৰ টকা নথকা বাবে যুৱতীগৰাকীয়ে ঘৰলৈ ঘুৰি অহাৰ উদ্দেশ্যো ১৬ আগষ্টৰ দিনা পুৱাই হোষ্টেলৰ পৰা পলাই দিল্লীত উপস্থিত হয় । তাৰ পৰা যুৱতীগৰাকীয়ে মাকক মই চাকৰি নকৰি পলাই অহা বুলি জানিব দিয়ে । একেদিনাই এটা অচিনাকি নম্বৰৰ পৰা যুৱতীগৰাকীলৈ এটা ফোন আহে আৰু তেও ক’ত আছে সেয়া শীঘ্ৰে জনাবৰ বাবে কয় ৷ অন্যথা মাকক জেলত ভৰাই থ’ব বুলি ভীতি প্ৰদৰ্শন কৰাত তাই ভয়তে ক’ত আছে সেয়া জনাই দিয়ে ।

পৰৱৰ্তী সময়ত পলাশ ৰাজবংশীয়ে মাক অহা বুলি কৈ দুজন আৰক্ষীৰ লোকৰ জড়িয়তে যুৱতীগৰাকীক এটা স্বেচ্ছাসেৱী সংগঠনৰ আশ্ৰয় গৃহত থোৱাৰ ব্যৱস্থা কৰে । তাত দুদিন থকাৰ পিচত যুৱতীগৰাকীক এজন যুৱকে আশ্ৰয় গৃহৰ পৰা এখন অটোৰে অন্য স্থানলৈ লৈ যায় আৰু বলপূৰ্বক অপকৰ্মত লিপ্ত কৰায় ।

যুৱতীগৰাকীয়ে জনোৱা অনুসৰি, আশ্ৰয় গৃহৰ ৱাৰ্ডেন গৰাকীয়ে তেওক আবেলিৰ ভাগত এখন শাড়ী পৰিধান কৰোৱাৰ লগতে সুন্দৰকৈ সজাই পৰাই যুৱকজনৰ সতে প্ৰেৰণ কৰে । উক্ত আশ্ৰয় গৃহত তেওঁৰ সমবয়সীয়া প্ৰায় ২০ / ২৫ গৰাকীমান যুৱতী থকা বুলি জানিব দিয়ে ভুক্তভোগী যুৱতীগৰাকীয়ে । বাধ্যত পৰি গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ মাজতে মাকক ফোন কৰি তেও বেয়া পথত ভৰি দিছে বুলি জনায় আৰু মাকক গৈ লৈ আনিবৰ বাবে আহ্বান জনায় ।

ইফালে জীয়েকৰ ফোন পোৱাৰ পিচতে যুৱতীগৰাকীৰ মাকে ২২ আগষ্টত টকা ধাৰ কৰি জীয়েকে দিয়া দিল্লীৰ ঠিকনাত উপস্থিত হয় আৰু ২৫ আগষ্টত জীয়েকক লৈ কোকৰাঝাৰত উপস্থিত হয়হি । ইতিমধ্যে যুৱতীগৰাকীৰ মাতৃয়ে সহজ সৰল জীয়েকক চাকৰিৰ প্ৰলোভন দি অপকৰ্মত লিপ্ত কৰাৰ অভিযোগত কোকৰাঝাৰ থানাত দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে ।

উক্ত এজাহাৰৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ লগতে কোকৰাঝাৰ দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰৰ দুজন বিষয়াক কোকৰাঝাৰ থানালৈ আনি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধাপোছা কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বিশিষ্ট লেখক সমাজ বিজ্ঞানী ড৹ প্ৰফুল্ল মহন্তৰ দেহাৱসান

Last Updated : Sep 2, 2022, 1:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.