ETV Bharat / state

কোকৰাঝাৰ,চিৰাং, যোৰহাটত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি

ধুমুহা-শিলাবৃষ্টিৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ উপৰিও বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ বিধ্বংসী ধুমুহা শিলাবৃষ্টিত বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি- চিঙি যোৱাৰ উপৰিও বহু মূল্যৱান গছ-গছনিৰ বিস্তৰ ক্ষতি সাধন হয় ৷

ETV BHARAT
কোকৰাঝাৰ,চিৰাং যোৰহাটত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি
author img

By

Published : Apr 22, 2020, 5:34 PM IST

কোকৰাঝাৰ,22এপ্ৰিলঃ কোকৰাঝাৰ আৰু যোৰহাটৰ টীয়কৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হয় ৷ এই ধুমুহা শিলাবৃষ্টিত ঘৰ-দুৱাৰ ভঙাৰ উপৰিও বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷

কোকৰাঝাৰ,চিৰাং যোৰহাটত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে কোকৰাঝাৰ গুৱাহাটী আৰু বঙাইগাঁৱৰ লগতে টীয়কৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হয় ৷ জিলা কেইখনৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ ঠায়ে ঠায়ে প্ৰকাণ্ড- প্ৰকাণ্ড গছ গছনি ভাঙি মানুহৰ ঘৰৰ ওপৰত পৰাৰ উপৰিও ভাঙি পৰে বিদ্যুৎতৰ খুটা ৷ ফলত উক্ত অঞ্চলবোৰত বন্ধ হৈ পৰিছে যাতায়াত সেৱাৰ লগতে বিদ্যুৎ সেৱা ৷ তাৰোপৰি ধুমুহা শিলাবৃষ্টিৰ ফলত বহু লোকৰ মজুত থকা ধান-চাউলকে আদি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰো কিতাপ-পত্ৰ নষ্ট হয় ৷ আনহাতে,কিছুলোকৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে ধুমুহাই, যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৷ লগতে ক্ষতিগ্ৰস্ত ৰাইজে কিছু পৰিমাণে হ'লেও চৰকাৰক সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷

চিৰাং- চিৰাং আৰু বঙাইগাঁও জিলাতো মঙলবাৰে দুপৰীয়া আৰু বিয়লি এজাক ধুমুহা আৰু শিলাবৃষ্টি হয় ৷ এই ধুমুহাত জিলা দুখনত বহু মূল্যৱান গছ গছনি উভালি পৰাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ ভাঙে । তাৰোপৰি বিদ্যুতৰ খুটা উভালি পৰাত জিলা দুখনৰ অধিকাংশ ঠাইত বিদ্যুত বিচ্ছিন্ন হৈ পৰে। এতিয়ালৈ কোনো লোক হতাহতিৰ তথ্য পোহৰলৈ অহা নাই ।
লগতে পঢ়ক-শিৱসাগৰত বিষক্ৰিয়া হৈ শগুণৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.