কোকৰাঝাৰ,২১ এপ্ৰিল: কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ ৰাজমেলা পথাৰত ২৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিষুৱা উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান বাতিল কৰা হৈছে ৷ বুধবাৰে এক প্ৰেছ বিবৃতিযোগে কোকৰাঝাৰ বিষুৱা উৎসৱ পালন সমিতিৰ সভাপতি সঞ্জীৱ সিংহ আৰু সম্পাদক পূৰ্বজ্যোতি ৰায়ে এই বিষয়ে সদৰী কৰে ৷ সাম্প্ৰতিক পৰিস্থিতিক লৈ কোকৰাঝাৰ অসম সাহিত্য সভা ভৱনত বিষুৱা উৎসৱ পালন সমিতিৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় ৷

সভাত বিষুৱা উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তদুপৰি উক্ত সভাতে আগন্তুক ২০২২ বৰ্ষত বিষুৱা উৎসৱ পালন কৰাৰ বাবে লক্ষীন্দ্ৰ ৰায়, খনীন্দ্ৰ চন্দ্ৰ ৰায় আৰু দুৰ্বাসা ৰায়ক লৈ এক আহ্বায়ক সমিতি গঠন কৰি দিয়া হয় বুলি বিষুৱা উৎসৱ পালন সমিতিৰ সভাপতি আৰু সম্পাদকদ্বয়ে বিবৃতিত উল্লেখ কৰিছে ৷
লগতে পঢ়ক : অ’এনজিচিৰ তিনি বিষয়া অপহৰণ: সন্দেহৰ আঙুলি আলফা(স্বা)লৈ