ETV Bharat / state

ক’ভিড সন্দৰ্ভত আইডিয়েলৰ সজাগতা শিবিৰ - চেনিটাইজাৰ

ক’ভিড-১৯ ক লৈ চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলিবলৈ কোকৰাঝাৰবাসীক কাতৰ আহ্বান আইডিয়েল নামৰ এটা বেচৰকাৰী সংস্থাৰ ৷ শুকুৰবাৰে কোকৰাঝাৰ চহৰত এক সংবাদমেলযোগে এনজিঅ’টোৰ সভাপতি প্ৰলয় দত্তই এই আহ্বান জনায় ৷

ক’ভিডক লৈ বেচৰকাৰী সংস্থা আইডিয়েলৰ সজাগতা শিবিৰ

author img

By

Published : May 8, 2021, 12:14 PM IST

কোকৰাঝাৰ,8 মে’: সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহতাৰ দিশে গতি কৰিছে ক’ভিড-১৯ দ্বিতীয়টো লহৰ ৷ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰি থকাৰ সময়ছোৱাতে কোকৰাঝাৰবাসীক সজাগ আৰু সৰ্তক হোৱাৰ কাতৰ আহ্বান জনাইছে নতুনকৈ আত্মপ্ৰকাশ হোৱা আইডিয়েল নামৰ বেচৰকাৰী সংস্থাটোৱে ৷

শুকুৰবাৰে কোকৰাঝাৰ চহৰত ক’ভিডৰ নীতি-নিৰ্দেশনা অনুসৰি এক সংবাদমেলৰ আয়োজন কৰি আইডিয়েল এনজিঅ’ৰ সভাপতি প্ৰলয় দত্তই ৰাজ্যখনৰ লগতে কোকৰাঝাৰতো ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ জনতাক মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই চলাৰ আহ্বান জনায় ৷ এইক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলিবলৈও কোকৰাঝাৰবাসীক আহ্বান জনাই এনজিঅ’টোৰ সভাপতি গৰাকীয়ে ৷

ক’ভিড সন্দৰ্ভত আইডিয়েলৰ সজাগতা শিবিৰ

ক’ভিড-১৯ ক লৈ ৰাইজক অধিক সজাগ কৰাৰ উদ্দেশ্য লৈ আইডিয়েল এনজিঅ’ই অচিৰেই জিলাখনৰ গাঁৱে-ভূঞে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বেচৰকাৰী সংস্থাটোৰ সভাপতি গৰাকীয়ে সংবাদমেলত সদৰী কৰে ৷

তদুপৰি মহামাৰী ক’ভিড-১৯ ৰ এই দুৰ্যোগৰ সময়ত দৰিদ্ৰ তথা দুখীয়া ৰাইজৰ কাষত আইডিয়েল এনজিঅ’ সদায় থিয় দিব বুলি মন্তব্য কৰে প্ৰলয় দত্তই ৷ উল্লেখ্য যে, সাম্প্ৰতিক সময়ত দৈনন্দিন ঘটি থকা বিভিন্ন ধৰণৰ অসামাজিক ঘটনা ৰোধ কৰা, দুখীয়া দৰিদ্ৰক সহায়-সহযোগিতা কৰা, শিক্ষাৰ পৰা বঞ্চিত হৈ থকা শিশুসকলৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰাৰ লগতে নাৰীৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এসপ্তাহ পূৰ্বে প্ৰলয় দত্তক সভাপতি আৰু দীপক দাসক সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে আইডিয়েল এনজিঅ’ নামৰ এই বেচৰকাৰী সংস্থাটো গঠন কৰা হৈছে বুলি সংবাদমেলত বেচৰকাৰী সংস্থাটোৰ সভাপতি গৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: মৰিগাঁৱত 3 টা কণ্টেইনমেণ্ট জ’ন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.