ETV Bharat / state

শ্ৰীৰামপুৰত বহিঃৰাজ্যৰ যাত্ৰীৰ বাবে ক’ভিড চেণ্টাৰ স্থাপন

author img

By

Published : Apr 25, 2021, 8:39 AM IST

শনিবাৰৰ পৰা শ্ৰীৰামপুৰত বহিঃৰাজ্যৰ পৰা অহা লোকৰ বাবে আৰম্ভ হৈছে ক’ভিড পৰীক্ষা ৷ শনিবাৰৰ দিনটোত বহিঃৰাজ্যৰ পৰা অহা 4 গৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিডৰ অৱস্থিতি ৷

srirampur covid test centre
শ্ৰীৰামপুৰত ক’ভিড চেণ্টাৰ স্থাপন

কোকৰাঝাৰ,25 এপ্ৰিল: অসম তথা উত্তৰ-পূৱৰ মুখ্য প্ৰৱেশদ্বাৰ অসম-বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা ৷ ৰাজ্য চৰকাৰ তথা কোকৰাঝাৰ জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে শনিবাৰে দুপৰীয়াৰ পৰা শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকী চৌহদত চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ দলে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ বাবে ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

অসম অভিমুখী যাত্ৰীবাহী বাহনসমূহ ৰখাই যাত্ৰীসকলক ক’ভিড পৰীক্ষা কৰাৰ অন্ততহে তেওঁলোকক অসমলৈ প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে । ইয়াৰোপৰি, বাহনসমূহৰো ছেনিটাইজেছনৰ ব্যৱস্থা কৰা হৈছে । এই ক’ভিড পৰীক্ষাৰ সমগ্ৰ ব্যৱস্থাপনাৰ তদাৰক কৰিছে গোঁসাইগাঁও মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াই ৷ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজ দায়িত্ব পালন কৰে স্বাস্থ্য বিভাগ, আৰক্ষী, গড়কাপ্তানী , জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ৷

শ্ৰীৰামপুৰত ক’ভিড চেণ্টাৰ স্থাপন

উল্লেখ্য যে, এই পৰীক্ষা ব্যৱস্থা আৰম্ভ হোৱাৰ পাচতে বহিঃৰাজ্যৰ পৰা অহা কৰ’ণাত আক্ৰান্ত লোক অথবা পৰীক্ষাৰ ফলাফলত ধৰা পৰা কৰ’ণা আক্ৰান্ত লোকৰ চিকিৎসা প্ৰদানৰো ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰে অতিৰিক্ত উপায়ুক্ত ৰছিনুল আলমে ৷ ক'ভিড পৰীক্ষা কেন্দ্ৰটোত শনিবাৰে সন্ধিয়ালৈ প্ৰায় ডেৰ শতাধিক বাছযাত্ৰীৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 4 গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কৃতী ছাত্ৰলৈ নয়নতৰা থিয়েটাৰৰ অভিনন্দন পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.