ETV Bharat / state

৪৫ হেজাৰ টকাত দৰিদ্ৰ পিতৃয়ে বেচিলে নিজৰ 4মহীয়া সন্তান

author img

By

Published : Jul 22, 2020, 6:32 PM IST

সমগ্ৰ দেশ তথা ৰাজ্যতে কৰ'ণা মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিলে ৷ লক ডাউনে অমানিশা নমাই আনিলে বহুজনৰ জীৱনলৈ ৷ কৰ'ণাৰ গ্ৰাসত পৰি কোকৰাঝাৰৰ দৰিদ্ৰ পিতৃয়ে পত্নীৰ অজ্ঞাতে ৪৫ হেজাৰ টকাত বিক্ৰী কৰিলে নিজৰ চাৰি মহীয়া সন্তান ৷ অৱশেষত স্থানীয় ৰাইজ আৰু নাদান ফাউণ্ডেচনৰ সহযোগত উদ্ধাৰ হয় চাৰিমহীয়া সন্তানটি ৷

covid-impact-father-sells-his-4-month-old-child
দৰিদ্ৰ পিতৃয়ে ৪৫ হেজাৰ টকাত বেচিলে নিজৰ 4মহীয়া সন্তান

কোকৰাঝাৰ,22 জুলাইঃ কোকৰাঝাৰ জিলাৰ কচুগাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ লক ডাউনে জুৰুলা কৰা এটা পৰিয়ালে বিক্ৰী কৰিলে নিজৰ চাৰিমহীয়া সন্তান ৷ ৪৫ হেজাৰ টকাত বিক্ৰী কৰিলে নিজৰ কণমানি সন্তানটি ৷

কচুগাঁও এলেকাৰ অতি দুৰ্গম তথা পিছপৰা অঞ্চল টনতুলা মানদাৰীয়া গাঁৱৰ নিৱাসী দীপক ব্ৰহ্ম ওৰফে হাণ্ডিয়ে গুজৰাটত এটা কোম্পানীত কৰ্মৰত হৈ আছিল ৷ কৰ'ণা সংক্ৰামণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে লক ডাউন ঘোষণা হোৱাত দীপকে কৰ্মস্থলী এৰি নিজ গৃহলৈ উভতিবলৈ বাধ্য হয় ৷ ইপিনে লক ডাউনৰ মাজতে গুজৰাটৰ পৰা খালি হাতে উভতা তিনি সন্তানৰ পিতৃ দীপক ব্ৰহ্মই পৰিয়ালটোক পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৷ ফলত নিজ সন্তানক বিক্ৰী কৰাৰ দৰে এক চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় বুলি জনাইছে পিতৃ দীপক ব্ৰহ্মই ৷

নিজৰ চাৰি মহীয়া সন্তান
মাতৃৰ সৈতে দুই সন্তান

কোকৰাঝাৰৰ NEDAN Foundationৰ অধ্যক্ষ দিগম্বৰ নাৰ্জাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে নিজৰ পত্নীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি কোকৰাঝাৰৰ এক দুষ্ট চক্ৰৰ প্ৰৰোচনাত দীপক ব্ৰহ্মই ৪৫ হেজাৰ টকাৰ বিনিময়ত কাৰ্বি আংলঙৰ কোনো সম্ভ্ৰান্ত পৰিয়ালক চাৰিমহীয়া শিশুটিক বিক্ৰী কৰাৰ বাবে সহায় কৰি দিছিল এটা চক্ৰই ৷ পৰিণীতা নাৰ্জাৰী আৰু ৰিতা ব্ৰহ্ম নামৰ দুগৰাকী মহিলাই জুলাই মাহৰ প্ৰথম সপ্তাহত দীপক ব্ৰহ্মৰ গৃহৰ পৰা মাকৰ কোলা শুদা কৰি শিশুটিক লৈ যায় ৷

কণমানি শিশুটিক বিক্ৰী কৰাৰ দৰে ঘটনাটো গঞা ৰাইজে অৱগত হোৱাৰ পিছত এক লিখিত এজাহাৰ কচুগাঁও আৰক্ষী থানাত প্ৰদান কৰাত অতি তৎপৰতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ৷

এই সন্দৰ্ভত কচুগাঁও আৰক্ষীয়ে গোচৰ নংNo.99/20, under section(u/s) 370 IPC ৰ আধাৰত ঘটনাৰ লগত জড়িত পিতৃ দীপক ব্ৰহ্ম ওৰফে হাণ্ডি,দালাল চক্ৰ ক্ৰমে পৰিণীতা নাৰ্জাৰী আৰু ৰিতা ব্ৰহ্মক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত সন্তানটো উদ্ধাৰ কাৰ্যত কোকৰাঝাৰ জিলাৰ আগশাৰীৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান “নাদান ফাউণ্ডেচন”ৰ ভূমিকাও আছিল অতি প্ৰশংসনীয় ৷
লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত আত্মজাহৰ চেষ্টা চলোৱা যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.