কোকৰাঝাৰ, 29 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ মজতে কোকৰাঝাৰ জিলাত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত, দৰিদ্ৰ হিতাধিকাৰী সকলক বিতৰণ কৰা চাউলৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে । এই অভিযোগ উত্থাপন কৰিছে কোকৰাঝাৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক বুদ্ধদেৱ মুছাহাৰীয়ে ।
বুধবাৰে এখন সংবাদমেলযোগে কোকৰাঝাৰ জিলাৰ পাটগাঁও সমবায় সমিতিৰ দৰিদ্ৰ হিতাধিকাৰী সকলৰ মাজত চাউল বিতৰণত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰে বুদ্ধদেৱ মুছাহাৰীয়ে । অভিযোগ অনুসৰি পাটগাঁও গাঁৱৰ 30 টা পৰিয়ালৰ ২৩ গৰাকী সদস্য সাহায্যৰ পৰা বঞ্চিত হোৱাৰ লগতে প্ৰতি পৰিয়ালৰ সদস্যই পাবলগীয়া 5 কেজি চাউলো সম্পূৰ্ণ জোখত দিয়া নাই প্ৰতিনিধিসকলে ।
লগতে পঢ়কঃ ধুবুৰী জিলাৰ চান্দাখোল অঞ্চলত পশ্চিমবংগৰ 27 টা পৰিয়ালৰ হাহাকাৰ অৱস্থা