কোকৰাঝাৰ,১০ জুন: কোকৰাঝাৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহনিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে (Pradhan Mantri Awas Yojana) । হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰাৰ পিছতে বিজেপি আৰু ইউপিপিএলৰ ভিচিডিচি সদস্যই হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে (Allegations of bribery against VCDC members) ।
সাধাৰণতে একাংশ ভিচিডিচিৰ সদস্যই প্ৰতিটো গৃহৰ বাবদ হিতাধিকাৰীৰ পৰা ৩০০০ টকাৰ পৰা ৬০০০ টকা উৎকোচ লৈ আহিছে বুলি অভইযোগ উত্থাপন কৰে ভুক্তভোগী হিতাধিকাৰীসকলে । উৎকোচ অবিহনে হিতাধিকাৰীৰ আৱণ্টিত গৃহৰ বাবদ টকা একাউণ্টত নোসোমাব নতুবা আৱণ্টিত গৃহ কাটি দিয়া হ'ব বুলি ভয়-ভাবুকি দিয়াৰ পৰিণতিতে বাধ্যত পৰি দুখীয়া হিতাধিকাৰীসকলে ভিচিডিচি সদস্যসকলক উৎকোচ দি আহিছে বুলি জানিবপৰা গৈছে (PMAY scam in Kokrajhar) ।
উৎকোচ অবিহনে ফটো নামাৰে আৰু কামৰ অগ্ৰগতিৰ খতিয়ান সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাৰ ফলত হিতাধিকাৰীসকলে কিস্তিৰ ধন লাভ কৰাত পলম হয় বুলি হিতাধিকাৰীসকলে অভিযোগ উত্থাপন কৰে। বিজেপি আৰু ইউপিপিএল দলৰ ভিচিডিচি সদস্যৰ মইমতালিত অৱশেষত গঞা ৰাইজ একত্ৰিত হৈ সভা আহ্বান কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে সভাত যাতে কোনোধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰবাবে নিৰাপত্তাৰক্ষী বিচাৰি জিলা আৰক্ষী প্ৰশাসনক সংশ্লিষ্ট গাঁৱৰ গাঁওবুঢ়াই আৱেদন জনাব লগা পৰিস্থিতিৰ সৃষ্টি হয় (Scam in PMAY scheme) ।
ইফালে গঁঞা ৰাইজৰ হৈ আৱেদন জনোৱা গাঁওবুঢ়াৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই কোকৰাঝাৰ জিলা পুলিচ প্ৰশাসনে শনিবাৰে তিতাগুৰী ভোটগাঁৱত অনুষ্ঠিত ৰজহুৱা সভাত নিৰাপত্তাৰক্ষী মোতায়েন কৰে । উল্লেখ্য যে, কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত তিতাগুৰী ভোটগাঁৱত ৩০-৩৫ জন হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰিছিল (Corruption in PMAY scheme in Kokrajhar) ।
হিতাধিকাৰীসকলে অভিযোগ কৰা অনুসৰি ভিচিডিচিৰ দুই সদস্য ক্ৰমে বিজেপিৰ সুশীল অধিকাৰী আৰু ইউপিপিএলৰ সূমিত্ৰা অধিকাৰীয়ে প্ৰতিজন হিতাধিকাৰীৰ পৰা ৩০০০ পৰা ৬০০০ টকাকৈ উৎকোচ লৈ আহিছে । উৎকোচ অবিহনে তেওঁলোকৰ নিৰ্মিয়মান গৃহৰ অগ্ৰগতিৰ খতিয়ান জমা নিদিয়াৰ ভাবুকি প্ৰদান কৰাত হিতাধিকাৰীসকল বাধ্য হৈ ভিচিডিচিৰ সদস্য দশজনক উৎকোচ দিবলৈ বাধ্য হয় বুলি জানিবপৰা গৈছে ।
ইয়াৰোপৰি ঘৰ আৰম্ভণিৰ পৰা সম্পূৰ্ণ হোৱালৈকে ভিচিডিচি সদস্যক উৎকোচ দি থাকিব লাগে ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰে । উক্ত বিষয়টোক লৈয়ে শনিবাৰে তিতাগুৰী ভোটগাঁৱৰ গণেশ মন্দিৰ প্ৰাংগনত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি আৰক্ষী বাহিনী উপস্থিত থাকে যদিও দুই ভিচিডিচি সদস্য ক্ৰমে বিজেপিৰ সুশীল অধিকাৰী আৰু ইউপিপিএলৰ সূমিত্ৰা অধিকাৰী সভাত অনুপস্থিত থাকে ।
লগতে পঢ়ক: Drug addict youth Escape from Rehab center: দুৱাৰ ভাঙি পলাল ড্ৰাগছ আসক্ত যুৱক