ETV Bharat / state

আমাৰ লক্ষ্য বিটিচি নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত 2021 নিৰ্বাচন : দুৰ্গাদাস বড়ো - দুই দলৰ ৰণডংকা

আসন্ন বিটিআৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক বাদে অন্য দলে বিটিচি শাসন কৰিব নোৱাৰিব ৷ বিগত পোন্ধৰ বছৰত শাসনৰ গাদীত বহা বিপিএফৰ ছত্ৰছায়াত চলা অবাধ লুন্ঠন আৰু অপ-শাসনৰ ফলত ইয়াত আশানুৰূপ উন্নয়ন নহ'ল ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া দলীয় কৰ্মীসভাত এই মন্তব্য ৷

বিটিআৰ নিৰ্বাচন
কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দলীয় কৰ্মীসভা
author img

By

Published : Jun 23, 2020, 2:17 PM IST

কোকৰাঝাৰ, 23 জুন : কোকৰাঝাৰ জিলাৰ সীমান্ত এলেকাৰ শ্ৰীৰামপুৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া দলীয় কৰ্মীসভাত অনুষ্ঠিত কৰা হয় ৷ এই সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গাদাস বড়ো,এ আই ইউ ডি এফৰ ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল ইছলাম, এ আই ইউ ডি এফ দলৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমী, কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য,সম্পাদক আমিনুল ইছলাম আদি ৷ এই সভাত সভাপতিত্ব কৰে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল ইছলামে ৷

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দলীয় সভা

বিটিচিত সম অধিকাৰ,সম মৰ্যাদা আৰু সম বিকাশৰ উপৰি প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ধ্বনিৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে পোন প্ৰথমবাৰৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ উল্লেখ্য যে, এই দুয়োটা দলৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা জয়যুক্ত হৈ ৰাজ্যসভালৈ ইতিমধ্যেই গৈছে ৷

এতিয়া দুই দলে বিটিচি নিৰ্বাচনক লক্ষ্য কৰি লোৱাৰ পাচতে পৰৱৰ্তী সময়ত 2021 বৰ্ষৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ চেষ্টা কৰিব ৷ ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত দুয়োটা দলে আগন্তুক নিৰ্বাচনত বিজেপিক উৎখাত কৰি পুনৰ ৰাজ্যত সুশাসন প্ৰতিষ্ঠা কৰিব বুলি ভাষ্য প্ৰদান কৰিছে দুৰ্গাদাস বড়োয়ে ৷

বিটিচি এলেকাত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি বঞ্চিত জনগোষ্ঠীৰ মাজত সম অধিকাৰ আৰু সম উন্নয়ন প্ৰতিষ্ঠা কৰিব বুলি আশ্বাস প্ৰদান কৰা হয় সভাত ৷ ৰাইজৰ খৰ্ব হোৱা বাকস্বাধীনতা, ভূমিৰ অধিকাৰৰ লগতে অন্যান্য অধিকাৰসমূহ ঘূৰাই আনিবলৈ চেষ্টা কৰিব বুলিও এই কৰ্মীসভাত উপস্থিত নেতাসকলে মন্তব্য কৰে ৷

লগতে পঢ়ক : চীনৰ সামগ্ৰী বৰ্জনৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ব ভাৰতবৰ্ষঃ চীনা সংবাদপত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.