ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ইউপিপিএল-বিপিএফৰ সংঘাত - ইউপিপিলৰ সাধাৰণ সম্পাদক

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত ইউপিপিএলৰ সংবাদ মেল ৷ ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে সম্বোধন কৰে সংবাদ মেলখন ৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক আক্ৰমণ ৰাজু নাৰ্জাৰীৰ ৷

UPPL press meet on Constituency Delimitation
ইউপিপিলৰ সংবাদ মেল
author img

By

Published : Jul 4, 2023, 12:03 PM IST

হাগ্ৰামা মহিলাৰীক আক্ৰমণ ৰাজু নাৰ্জাৰীৰ

কোকৰাঝাৰ, 3 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বৰ্তমানেও ৰাজ্যত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ খচৰা প্ৰকাশ হোৱাৰ পিচতে বিটিআৰৰ দুই ৰাজনৈতিক দল বিপিএফ আৰু শাসকীয় ইউপিপিএল দলৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পিচতে এফালে শাসকীয় ইউপিপিএল দলৰ নেতা-কৰ্মীয়ে আনন্দ উল্লাস কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি জনোৱাৰ বিপৰীতে বিপিএফ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ধৰ্ণা কাৰ্যসূচী হাতত লৈছে ৷

সোমবাৰে বিয়লি কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত ইউপিপিলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে ৷ ৰাজু নাৰ্জাৰীয়ে সংবাদমেলত কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিপিএফ দলে এফালে ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰি স্মাৰকপত্ৰ প্ৰদান কৰি এদিন পিচতে স্মাৰকপত্ৰ উঠাই লৈছে । সেয়ে এতিয়া হাগ্ৰামা মহিলাৰীৰ কথা কোনেও বিশ্বাস নকৰে ।

বিগত 2007 চনত যেতিয়া কোকৰাঝাৰ লোকসভা সমষ্টি ডি-ৰিজাৰ্ভ হৈছিল তেতিয়া হাগ্ৰামা মহিলাৰী নিশ্চুপ হৈ আছিল বুলি উল্লেখ কৰি বিটিআৰত দুটা লোকসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ আৰু ওদালগুৰি গঠন হ'ব লাগে বুলি ইউপিপিএল দলে প্ৰথমৰে পৰাই দাবী জনাই আহিছে বুলি নিজৰ স্থিতি স্পষ্ট কৰে । সংবাদমেলখনত ৰাজু নাৰ্জাৰীয়ে কয় যে আজিলৈ বিপিএফে তেনেধৰণৰ কোনো দাবী সম্বলিত স্মাৰকপত্ৰ দিয়া নাই । অহা 13 জুলাইলৈকে নিৰ্বাচন আয়োগৰ ওচৰত ওজৰ -আপত্তি কৰিব পাৰিব, কিন্তু বিপিএফে তাকে নকৰি ধৰ্ণাহে দিছে বুলি কয় ৰাজু নাৰ্জাৰীয়ে ৷

বিপিএফ দলে ইউপিপিএল দলক মিছা বদনাম দিছে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৰ নেতৃত্বতে বিটিআৰত শান্তি আৰু উন্নয়নৰ গতি ত্বৰান্বিত হৈছে বুলি কয় । বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ক্ষমতাচ্যুত হৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজপথত নামি আন্দোলন কৰিছে ৷ গতিকে হাগ্ৰামা মহিলাৰীক এতিয়া ৰাইজে বিশ্বাস নকৰা হৈছে ৷

লগতে পঢ়ক : Manipur situation: শাম কাটিছে অগ্নিগৰ্ভা পৰিস্থিতিৰ; 5 জুলাইৰ পৰা খুলিব বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.