কোকৰাঝাৰ, 12 আগষ্ট : বৃহস্পতিবাৰে সামৰণি পৰে কোকৰাঝাৰ জিলাত আয়োজন কৰা বালিকা সৱলীকৰণ অভিযান 2022 (Girls Empowerment Campaign 2022)ৰ কাৰ্যসূচী ৷ কোকৰাঝাৰ জিলাৰ ছালাকাটিস্থিত এনটিপিচি বঙাইগাঁৱৰ উদ্যোগত বিগত 12 জুলাইৰ পৰা মাহজোৰা কাৰ্যসূচীৰে আয়োজিত হৈ আহিছে বালিকা সৱলীকৰণ অভিযান 2022 ৰ অনুষ্ঠান ৷
এই উপলক্ষে এনটিপিচিৰ প্ৰেক্ষাগৃহত আয়োজিত বালিকা সৱলীকৰণ অভিযানৰ সামৰণি অনুষ্ঠান আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰে বিটিআৰৰ সচিব প্ৰধান অনুৰাগ আগৰৱালাই ৷ উল্লেখ্য যে, এনটিপিচিৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আয়োজিত বালিকা সবলীকৰণ অভিযানত ছালাকাটিৰ দাঁতিকাষৰীয়া গাঁৱৰ 10 খন বিদ্যালয়ৰ 40 গৰাকীকৈ ছাত্ৰীক মাহজোৰা বিভিন্ন বিষয়ৰ ওপৰত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল ৷
বিশেষকৈ ছাত্ৰীসকলক আত্ম সংস্থাপন হোৱাৰ লক্ষ্যৰে যোগাক্ৰীড়া, কম্পিউটাৰ শিক্ষণকে ধৰি বিভিন্ন দক্ষতা বিকাশৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ৷ লগতে উক্ত মাহজোৰা বালিকা সবলীকৰণ অভিযানত বালিকা কেইগৰাকীক বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু জিলা উপাযুক্ত বৰ্ণালী ডেকাৰ সতে অন্তৰংগ মত বিনিময় কৰে ৷
লগতে কোকৰাঝাৰ চহৰৰ কঠালগুৰীস্থিত ছাই কমপ্লেস্কত ক্ৰীড়াৰ দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ আনহাতে, প্ৰশিক্ষাৰ্থী কেইগৰাকীক দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়, বডোফা নোগৰস্থিত বিটিআৰ সচিবালয়কে ধৰি বিভিন্ন স্থান পৰিদৰ্শন কৰোৱাই কিছু সাধাৰণ জ্ঞানৰ শিক্ষাও আগবঢ়োৱা হয় ৷
বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত এনটিপিচিৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰী কেইগৰাকীয়ে প্ৰদৰ্শন কৰে নাটক, গীত আৰু নৃত্য ৷ উল্লেখ্য যে, সামৰণি অনুষ্ঠানত এনটিপিচি ভূৱনেশ্বৰৰ ক্ষেত্ৰীয় সঞ্চালক অসীম গোস্বামী, এনটিপিচি বঙাইগাঁৱৰ সঞ্চালক সুব্ৰত মণ্ডল প্ৰমুখ্য এনটিপিচিৰ বহুত বিষয়া উপস্থিত আছিল ৷
লগতে পঢ়ক : Dispur College defraud case: হৰলুকি হোৱা ধন ঘূৰাই পালে দিছপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষই