কোকৰাঝাৰ,1 নৱেম্বৰ: কোকৰাঝাৰৰ ৰামফলবিলত আৱতৰীয়া ভোগালী উৎসৱ ! এই আৱতৰীয়া উৎসৱত ভাগ ল'বলৈ ঠাইখনত ভিৰ কৰিছেহি দূৰ-দূৰণিৰ পৰা অহা শতাধিক জনতাই ৷ হাতে হাতে জাকৈ-জুলুকী, জাল-পল লৈ মাছ ধৰাৰ আনন্দত আত্মহৰা হৈছে শতাধিক গঞা ৷ কোকৰাঝাৰ ৰামফলবিলৰ লোঙা নৈত থকা শ্লুইচ গেট খুলি দিয়াৰ পাচতে এই দৰে আপোন পাহৰা হৈ মাছ ধৰিবলৈ ঢপলিয়াই আহিছে গঞা । কাৰোবাৰ হাতত যদি তেজাল মাগুৰ, তেনেহলে আন কাৰোবাৰ হাতত আকৌ বুঢ়া বৰালী, চিতল-বামী আদি বিভিন্ন প্ৰজাতিৰ মাছ ৷
মুঠতে আনন্দ উল্লাসত বুৰ যোৱা এক উৎসৱমুখৰ পৰিৱেশ !!! বিগত কেইবা বছৰৰ পৰাই ৰামফলবিলৰ লোঙা নৈত থকা শ্লুইচ গেটৰ সন্মুখ ভাগত এইদৰেই সমজুৱাকৈ মাছ ধৰা পৰ্ব পালন কৰি আহিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ।