ETV Bharat / state

কোকৰাঝাৰত চি আই টিৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰত চি আই টিৰ 14 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অনুষ্ঠানত অংশ লোৱাৰ উপৰি সোণোৱালে চি আই টি ৰ চতুর্থ প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে ৷ বৰ্তমানৰ কোকৰাঝাৰ শৈক্ষিক হাবলৈ সলনি হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সোণোৱালে চি আই টি ৰ চতুর্থ প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে
কোকৰাঝাৰত চি আই টিৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Dec 6, 2019, 10:48 PM IST

কোকৰাঝাৰ, 6 ডিচেম্বৰঃ ঐতিহাসিক বড়ো পটভূমিৰ আধাৰত স্থাপন হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টিৰ 14 তম প্ৰতিষ্ঠা দিৱস শুক্ৰবাৰে কোকৰাঝাৰত পালন কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত অংশ লোৱাৰ উপৰি সোণোৱালে চি আই টি ৰ চতুর্থ প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে । কোকৰাঝাৰৰ বালাগাওঁষ্টিত চি আই টিৰ মুকলি সভাত অংশ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে এসময়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চলতোলৈ শান্তি ঘূৰি অহা বুলি উল্লেখ কৰে ৷ তদুপৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সবল নেতৃত্বৰ ভূয়সী প্ৰশংসা কৰে । বৰ্তমানৰ কোকৰাঝাৰ শৈক্ষিক হাবলৈ সলনি হোৱাৰ কথা উল্লেখ কৰি, অসমক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ হ'লে শিক্ষা অপৰিহাৰ্য বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

কোকৰাঝাৰত চি আই টিৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অনুষ্ঠানত উপস্থিত থকা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটীৰ আই আই টি আৰু এ আই আই এম এছৰ কেম্পাছ কোকৰাঝাৰত স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে । উক্ত অনুষ্ঠানত বি টি চি ৰ উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, কাৰ্যবাহী সদস্য ক্ৰমে ৰাজীৱ কুমাৰ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী, চি আই টি ৰ অধ্যক্ষ, সঞ্চালককে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।

লগতে চাওকঃআজিৰে পৰা ছবিগৃহত অসমীয়া ছবি প্ৰতিঘাত

Intro:সম্পদ, সম্পস আৰু সম্ভাৱনাক গুৰুপ্ত দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী সোণোৱাল।

ইতিহাসিক বড়ো শক্তিৰ আধাৰত স্থাপন হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ চমুকৈ চিআইটিৰ 14 তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যকসূচীত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অংশগ্ৰহণ কৰি চিআইটিৰ চতুর্থ প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে।

Body:কোকৰাঝাৰ বালাগাওঁষ্টিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান প্ৰাংগণত প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এসময়ৰ অশান্ত জৰ্জৰ অঞ্চলতোলৈ শান্তি ঘূৰাই অহাৰ কথা উল্লেখকৰি ইয়াৰ বাবে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বক প্ৰশংসা কৰে। কোকৰাঝাৰ বৰ্তমান শৈক্ষিক হাব লৈ পৰ্যবসতি হোৱাৰ কথা উল্লেখ কৰি অসমক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ হলে সম্পদ, সম্ভাৱনা আৰু চুক্তিক গুৰুপ্ত দিবলাগিব ইয়াৰ বাবে শিক্ষা অপৰিহাৰ্য বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

ইপিনে চিআইটিৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটীৰ আই আই টি আৰু এ আই আই এম এছৰ কেম্পাছ কোকৰাঝাৰত কৰা হব বুলি মন্তব্য কৰে। মহিলাৰীয়ে কৈযে মাননিও মুখ্যমন্ত্ৰী সোনোৱালে হয়তো ভাবিছে এয়া কেনেদৰে সম্ভৱ হব কিন্তু বুদ্ধিৰ দ্যাৰা এয়া সম্ভৱ কৰিব বুলি মন্তব্য কৰে।

Conclusion:আজিৰ অনুষ্ঠানত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্প বৰ্গয়াৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰাজীৱ কুমাৰ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী, চিআইটিৰ অধ্যক্ষ, সঞ্চালক আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.