ETV Bharat / state

আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ গো-মাফিয়া চূড়াংগী

কেইদিনমান পূৰ্বে চেন্নাইৰ পৰা গ্ৰেপ্তাৰ হোৱা আন্ত:ৰাষ্ট্ৰীয় গৰু চিণ্ডিকেটৰ সতে জড়িত চূড়াংগী চানিয়া গুলীবিদ্ধ ৷ বাধ্যত পৰি আৰক্ষীয়ে গুলীয়ালে গৰু চিণ্ডিকেটৰ সতে জড়িত অপৰাধী গৰাকীক ৷ কিন্তু কিয় সংঘটিত হল এই ঘটনা ?

As_kjr_cattler-smuggler-injured-in-police-firing-at-kokrajhar_vis_10044
আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ গো-মাফিয়া চূড়াংগী
author img

By

Published : Jul 3, 2021, 7:18 PM IST

কোকৰাঝাৰ, 3 জুলাই : গৰু ছিণ্ডিকেট আৰু গৰুৰ চোৰাং বেহাৰ (cattle smuggling) বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে (Kokrajhar Police) অব্যাহত ৰাখিছে ব্যাপক অভিযান ৷ ইয়াৰ মাজতে আৰক্ষীয়ে চেন্নাইৰ পৰা আটক কৰি অনা তথা আন্ত:ৰাষ্ট্ৰীয় গৰু চিণ্ডিকেটৰ সতে জড়িত চূড়াংগী চানিয়া (39)নামৰ গো মাফিয়া জন শুকুৰবাৰে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শনিবাৰে বিয়লি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাই বৰ্ণনা কৰে সমগ্ৰ ঘটনা ৷ বৰ্তমান সুস্থ অৱস্থাত আছে চূড়াংগী চানিয়া ৷

আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ গো-মাফিয়া চূড়াংগী

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, গোসাঁইগাঁও থানাত ৰুজু হোৱা 46/2021 নম্বৰৰ গোচৰৰ ভিত্তিত আন্ত:ৰাষ্ট্ৰীয় গৰু চক্ৰৰ সতে জড়িত চূড়াংগী চাইনিয়াক কিইদিনমান পূৰ্বে চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শুকুৰবাৰে নিশা চূড়াংগী চাইনিয়াক লৈ কোকৰাঝাৰৰ গৰু চোৰ ছিণ্ডিকেটৰ সৈতে জড়িত আন লোক সকলৰ ঘৰ দেখুৱাবলৈ জিলা খনৰ শুকানঝোৰাত উপস্থিত হৈছিল আৰক্ষী ৷ কিন্তু গৰুৰ ছিণ্ডিকেটৰ সৈতে জড়িত আন লোক সকলৰ ঘৰ দেখুৱাবলৈ অনাৰ সময়তে নিশা এক বজাত চূড়াংগী চাইনিয়াই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ আৰক্ষীকে গুলী কৰিবলৈ উদ্যত হয় ৷ ঠিক সেই সময়তে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চালনা কৰে ৷

আৰক্ষীৰ গুলীচালনাৰ ফলত চাইনিয়া গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় ৷ আহত চূড়াংগী চাইনিয়াক প্ৰথমে কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷

চূড়াংগীৰ ভৰিত গুলী লাগিছে বুলি উল্লেখ কৰি গৰু মাফিয়াৰ (cattle smuggler) বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাই ৷ বৰ্তমানলৈকে 12 জনকৈ গৰু মাফিয়াক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি সদৰী কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃ পহুমাৰা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে কালভাৰ্ট: স্তব্ধ যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.