ETV Bharat / state

Privatization of schools: বিদ্যালয় প্ৰাদেশীকৰণ অবিহনে আত্মজাহৰ ভাবুকি - সামূহিক আত্মজাহৰ ভাবুকি সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিটিআৰৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থা ৷ কোকৰাঝাৰত প্ৰতিবাদ সাব্যস্ত কৰিলে বঞ্চিত শিক্ষকে ৷ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নহ'লে সামূহিক আত্মজাহৰ ভাবুকি সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ(BTR non-privatized primary teachers threaten) ৷

সামূহিক আত্মজাহৰ ভাবুকি সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ
threat of mass suicide if provincialised is not done
author img

By

Published : Jul 28, 2022, 3:57 PM IST

কোকৰাঝাৰ,২৭ জুলাই: অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা নহ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে সদৌ বিটিআৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থা (Provincialised of school) ৷ বিটিচি চুক্তিৰ ৬.৩ নং দফা অনুসৰি বিটিআৰত থকা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা হব বুলি আশা পালি থাকোতেই শিক্ষামন্ত্ৰীৰ ঘোষণাই বাস্তৱিকতে হতাশ কৰি তুলিছে বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক ।

শিক্ষামন্ত্ৰীগৰাকীৰ ঘোষণাৰ প্ৰতিবাদ জনায় বুধবাৰে কোকৰাঝাৰ ৰাসমেলা খেলপথাৰত সদৌ বিটিআৰ অপ্ৰাদেশীকৃত শিক্ষক এছোচিয়েছনৰ উদ্যোগত শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Non-provincialised school teachers protest) ৷ 'শিক্ষামন্ত্ৰী ৰণোজ পেগু হায়- হায়', 'বিজেপি চৰকাৰ হায়- হায়' ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী শিক্ষক সন্থাই ৷

সমান্তৰালভাৱে কোকৰাঝাৰ চহৰস্থিত অসম সাহিত্য সভা ভৱনত সন্থাৰ এক বিশেষ সভা অনুষ্ঠিত হয় য'ত সন্থাই কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ৷ সদৌ বিটিআৰ অপ্ৰাদেশীকৃত শিক্ষক এছোচিয়েছনৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডল আৰু মুখপাত্ৰ নুৰ জামাল শ্বেখে সভাৰ সিদ্ধান্তসমূহ সদৰি কৰি চৰকাৰে অতিশীঘ্ৰে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নকৰিলে সামূহিক আত্মজাহৰ ভাবুকি প্ৰদান কৰে(Threat of mass suicide if provincialised is not done) ।

তদুপৰি অহা ৩৬ ঘন্টাৰ ভিতৰত অসম চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই এছোচিয়েছনৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডলে ৷ ইয়াৰ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে সদৌ বিটিআৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থা ৷

লগতে পঢ়ক: Teachers Protest: প্ৰাদেশীকৰণ কৰক নতুবা গুলীয়াই হত্যা কৰাৰ আহ্বান মানৱ সম্পদ গঢ়োতাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.