কোকৰাঝাৰ, ৫ আগষ্ট : বি টি আৰৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত খালী হৈ থকা পদৰ বিপৰীতে শুকুৰবাৰে বি টি আৰ চৰকাৰে আনুষ্ঠানিকভাৱে ১৪১ গৰাকী শিক্ষকক নিযুক্তি-পত্ৰ বিতৰণ কৰে (BTR government distributed appointment letters to 141 teachers) ৷ আজি বি টি আৰ বিধান পৰিষদীয় ভৱনৰ প্ৰেক্ষাগৃহত (Auditorium of BTR Legislative Council Building) এই উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ।
উক্ত অনুষ্ঠানৰ যোগেদি বি টি আৰ চৰকাৰৰ শিক্ষা বিভাগে (BTR Government Education Department) আনুষ্ঠানিকভাৱে স্নাতকোত্তৰ শিক্ষক (পিজিটি) ৯৫ গৰাকী, সহ প্ৰবক্তা ২০ গৰাকী, উপাধ্যক্ষ ২০ গৰাকী আৰু প্ৰধান শিক্ষক হিচাপে ৬ গৰাকী শিক্ষকক নিযুক্তি-পত্ৰ প্ৰদান কৰে । উক্ত অনুষ্ঠানত নৱ নিযুক্ত শিক্ষকসকলক নিযুক্তি-পত্ৰ প্ৰদান কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (Pramod Boro distributed appointment letters to teachers) ।
আনহাতে, নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ পিছত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শিক্ষকসকল মনপুতি নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় । বি টি আৰত থকা ৪৪৪২ খন প্ৰাথমিক বিদ্যালয়ৰ বাবে ৫০০ জন এডাপ্টৰ বাছনি কৰা বুলি প্ৰমোদ বড়োৱে জনোৱাৰ লগতে সেয়া আনুষ্ঠানিকভাৱে অহা ১৫ আগষ্টত ঘোষণা কৰা হ'ব বুলিও উল্লেখ কৰে । আনহাতে, ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় (Kokrajhar Government College) আৰু বি বি ইঞ্জিনিয়াৰিং কলেজৰ বাবে নতুনকৈ বাছগাড়ী ক্ৰয় কৰা হ'ব বুলিও তেওঁ সদৰী কৰে ।
উল্লেখ্য যে আজিৰ নিযুক্তি-পত্ৰ বিতৰণী অনুষ্ঠানত বড়োলেণ্ড বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো (Bodoland Legislative Council Chairman Katiram Boro), কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ কুমাৰ দে', ৰেওৰেৱা নাৰ্জাৰী, ৰণেন্দ্ৰ নাৰ্জাৰী, ঘনশ্যাম দাস, ধনঞ্জয় বসুমতাৰী আৰু বি টি আৰৰ পাৰিষদ ক্ৰমে মাধৱ চেত্ৰী, সজল দাস আৰু বি টি আৰৰ শিক্ষা বিভাগৰ সঞ্চালক (Director of Department of BTR Education) জগদীশ প্ৰসাদ ব্ৰহ্ম উপস্থিত থাকে ৷
লগতে পঢ়ক :Assam Secretariat: কম্পিউটাৰৰ কাম নজনা কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সকিয়নী