কোকৰাঝাৰ,২৪ অক্টোবৰ: বিটিআৰ একাদশে প্ৰথম আন্তঃ ষষ্ঠ অনুসূচী প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা চমুকৈ আই এছ পি এল, ২০২২ৰ চেম্পিয়নশ্বিপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে(ISPL 2022 Championship BTR) ৷ বিটিআৰ চৰকাৰৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অতি জাকজমকতাৰে যোৱা ৯ অক্টোবৰৰ পৰা চলি থকা প্ৰতিযোগিতাখনৰ ৰবিবাৰে নিশা ফাইনেল খেলখন অনুষ্ঠিত হয়(Inter-Sixth Schedule Premier League) ।
ফাইনেলত মিজোৰামৰ লাই স্বায়ত্ত্বশাসিত জিলা পৰিষদ দলক ১-০ গ’লত পৰাজিত কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে ঘৰুৱা দল বিটিআৰে ৷ বিটিআৰ দলৰ হৈ খেলৰ দ্বিতীয়াৰ্দ্ধত ৫১ মিনিটত বিজয়সূচক গ’ল দিয়ে খেলুৱৈ সোনম বসুমতাৰীয়ে ৷ কোকৰাঝাৰ চহৰৰ কঠালগুৰি ছাই ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত বিশ সহস্ৰাধিকৰোধিক ফুটবলপ্ৰেমী দৰ্শকে উপভোগ কৰে ৷
ইপিনে খেলৰ অন্তত বিজয়ী দল বিটিআৰ দলক নগদ ৩ লাখ টকাৰ চেকসহ ট্ৰফী প্ৰদান কৰে সদৌ ভাৰত ফুটবল সন্থাৰ সভাপতি কল্যাণ চৌব্বেয়ে আৰু ৰানাৰ্চআপ দল মিজোৰামৰ লাই স্বায়ত্ত্বশাসিত জিলা পৰিষদ দলক নগদ ২ লাখ টকাৰ চেক সহ ট্ৰফী প্ৰদান কৰে অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰী নৱ কুমাৰ দলেই ৷
তৃতীয় স্থান লাভ কৰা কাৰ্বি আলং স্বায়ত্ত্বশাসিত জিলা পৰিষদ দলক ১ লাখ টকাৰ চেকসহ ট্ৰ’ফী প্ৰদান কৰে ৰাজ্য সভাৰ সাংসদ ৰৌনগোৰা নাৰ্জাৰী আৰু অসম ফুটবল সন্থাৰ উপ সভাপতি শান্তনু পূজাৰীয়ে ৷ ফাইনেলৰ মেন অৱ দ্যা মেচ লাভ কৰা বিজয়ী দল বিটিআৰৰ জোমব্লা ব্ৰহ্মক নগদ দহ হেজাৰ টকাৰ চেক সহ বটা প্ৰদান কৰে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক হেমন্দ্ৰ নাথ ব্ৰহ্মই ৷
প্ৰতিযোগিতাৰ "মেন অৱ দ্যা টুৰ্নামেন্ট" খিতাপ লাভ কৰা বিটিআৰৰ জোমব্লা ব্ৰহ্মক ২৫ হেজাৰ টকাৰ চেক সহ বঁটা প্ৰদান কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ৷ আই এছ পি এল ২০২২ খেলৰ গোল্ডেন বুট লাভ কৰে বিটিআৰৰ দুজন খেলুৱৈ ক্ৰমে জোমব্লা ব্ৰহ্ম আৰু মনেশ্বৰ মুছাহাৰীয়ে ৷
লগতে পঢ়ক: National Ayurveda day 2022: মাণিকপুৰত ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস পালন