ETV Bharat / state

বিটিআৰৰ মুখ্য় কাৰ্যবাহী প্ৰমোদ বড়োক সম্বৰ্দ্ধনা

কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীৰ জনতা মহাবিদ্যালয়ত বৃহস্পতিবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় য'ত সম্বৰ্দ্ধনা জনোৱা হয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োক ।

মুখ্য় কাৰ্যবাহী প্ৰমোদ বড়োক সম্বৰ্দ্ধনা

author img

By

Published : Feb 11, 2021, 10:15 PM IST

কোকৰাঝাৰ, ১১ ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীৰ জনতা মহাবিদ্যালয়ত বৃহস্পতিবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত । সম্বৰ্ধনা অনুষ্ঠানতে মহাবিদ্যালয়খনৰ গবেষণাধৰ্মী আলোচনী " আইথুন " উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে । এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সুবুং বসুমাতাৰীয়ে মহাবিদ্যালয়খনে সম্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ দাবীত এক স্মাৰকপত্ৰও বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক প্ৰদান কৰা হয় । অনুষ্ঠানত বহু বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

মুখ্য় কাৰ্যবাহী প্ৰমোদ বড়োক সম্বৰ্দ্ধনা
মুখ্য় কাৰ্যবাহী প্ৰমোদ বড়োক সম্বৰ্দ্ধনা

সম্বৰ্ধনা গ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই নিজ ভাষণত কয় যে বিটিআৰ অঞ্চলৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীক প্ৰকৃত বৃত্তিমূলকভাবে প্ৰশিক্ষিত কৰি বাক্তিগত জীৱনত যাতে নিজে সুপ্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ বাবে সকলো প্ৰতিস্থানতে প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তোলা হ'ব ৷ প্ৰতিবছৰে হাজাৰ হাজাৰ শিক্ষিত ল'ৰা ছোৱালী ওলাই আছে যদিও উপযুক্ত দিক নিৰ্দেশক নথকাৰ বাবে নিজকে সংস্থাপিত কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হয় বুলিও তেওঁ জনায় ।

লগতে পঢ়ক:ডিফুত বৃহস্পতিবাৰে উন্মোচিত হ'ল কেইবাখনো গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.