ETV Bharat / state

কোকৰাঝাৰত বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ - তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

বিটিআৰ প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ ৷ সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি জীয়াই ৰাখি তাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৷

কোকৰাঝাৰত বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ

author img

By

Published : Feb 20, 2021, 10:22 AM IST

কোকৰাঝাৰ ১৯ ফেব্ৰুৱাৰী: কোকৰাঝাৰত এতিয়া উখল-মাখল পৰিৱেশ । বিটিআৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি দলৰ সমাগমেৰে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে । জিলাখনৰ দাঁতিয়েদি বৈ যোৱা গৌৰাং নৈৰ পাৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত বিটিআৰ প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে প্ৰথম কাৰ্যসূচীৰ উদ্বোধন কৰে বিটিআৰৰ সাংস্কতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োই ৷ ইয়াৰ পাচতে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আৰু বডোফাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

বিটিআৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি দলৰ সমাগম

ইপিনে, সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি জীয়াই ৰাখি তাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য । বিগত ১৭ বছৰে কোনো এটা জাতি-জনগোষ্ঠীয়ে নিজস্ব অধিকাৰ লাভ নকৰিলে আৰু সেই কথা অনুধাৱন কৰিয়ে বিটিচি চৰকাৰে প্ৰতিটো জাতি-জনগোষ্ঠীক সম অধিকাৰ , সম উন্নয়ন আৰু সমমৰ্যদা প্ৰদান কৰাৰ স্বাৰ্থত কাম কৰি আছে । বহিৰাগত সংস্কৃতিৰ সলনি স্থানীয় শিল্পী, সংস্কৃতিক গুৰুত্ব প্ৰদান কৰা হৈছে সংবাদমাধ্যমৰ আগত এইদৰে কয় । ইয়াৰ মাজতে প্ৰমোদ বড়োই বিটিআৰবাসীলৈ এক সু-বাৰ্তা প্ৰেৰণ কৰে । বিধানসভা নিৰ্বাচনৰ পিছতে বিটিআৰৰ ১০ টা মহকুমাত ১০ টা মিনি চিনেমাহল নিৰ্মান কৰাৰ কথা জানিবলৈ দিয়ে । এই বাৰ্তাই এতিয়া বিটিআৰবাসীক আনন্দিত কৰি তুলিছে ।

প্ৰমোদ বড়োসহ বিটিআৰৰ কেইবাগৰাকী ব্যক্তি

ইফালে, বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োই উক্ত অনুষ্ঠানত প্ৰতিটো জাতি-জনগোষ্ঠীৰ জাতীয় সংগঠনে অংশগ্ৰহণ কৰাটো শুভলক্ষণ বুলি মন্তব্য কৰে । সমাৰোহত স্থানীয় ভাষাতে কবিতা লিখাৰ অনুষ্ঠান ৰখা হৈছে বুলি মন্তব্য কৰি এনে অনুষ্ঠান ৰাজ্যৰ ভিতৰতে প্ৰথম বুলি মন্তব্য প্ৰদান কৰিছে দাওবাইছা বড়োই ।

বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ

উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক উদযাপন সমাৰহত বড়ো, ৰাভা, গাৰো, গোৰ্খা, কোচ-ৰাজবংশী, আদিৱাসী, চাওঁতাল, শৰণীয়া কছাৰী, হাজং কছাৰী, মদাহী, নাথ-যোগী আদিকে ধৰি বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ২০ টাকৈ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে ৷ থলুৱা জনগোষ্ঠীয় চলচিত্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত আলোচিত হ'ব লগা উক্ত সাংস্কৃতিক উদযাপন সমাৰোহত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, পবিত্ৰ ৰাভা, গায়ত্ৰী মহন্ত, জনক ঝংকাৰ নাৰ্জাৰীৰ দৰে যশস্বী শিল্পীয়ে অংশগ্ৰহণ কৰিব ।

পতাকা উত্তোলন দাওবাইছা বড়োৰ
পতাকা উত্তোলন দাওবাইছা বড়োৰ

সাংস্কৃতিক উদযাপন সমাৰোহৰ শুকুৰবাৰৰ শুভাৰম্ভণি অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ক্ৰমে দাওব ৰেৱৰেৱা নাৰ্জীহাৰী, এম চি এল এ হেমন্ত ৰাভা, মাধৱ ছেত্ৰী, ইউ পি পি এল নেতা লৰেন্স ইছলাৰী, বিটিআৰ সমূহ সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ সহ-সমন্বয়ক খৰমদাও ওৱাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:বকোত নিষিদ্ধ আফিং খেতি উৎখাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.