কোকৰাঝাৰ ১৮ ডিচেম্বৰ : বিটিআৰৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শুকুৰবাৰে বিয়লী হঠাৎ কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে ৷ কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়াকৈ চিকিৎসালয়খনত উপস্থিত হৈয়েই মুখ্য কাৰ্যবাহী বড়োৱে চিকিৎসালয়খনৰ কেবাটাও বিভাগৰ কক্ষত প্ৰৱেশ কৰি চিকিৎসাধীন ৰোগী সকলৰ স্বাস্থ্য সেৱা সম্পৰ্কীয় অভাৱ-অভিযোগ আদিৰ ওপৰত মত বিনিময় কৰে ৷
সাধাৰণ ৰোগীৰ ৱাৰ্ডৰ পৰা আৰম্ভ কৰি প্ৰসূতি বিভাগলৈ প্ৰমোদ বড়োয়ে এফালৰ পৰা পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা কেনেদৰে চলি আছে সেই দিশৰ ওপৰতো বুজ লয় ৷ পৰিদৰ্শনৰ অন্তত বড়োৱে সাংবাদিকৰ আগত মন ব্যক্ত কৰি কয় যে,আৰ.এন.বি. অসামৰিক চিকিৎসালয়খন কোকৰাঝাৰ জিলাবাসী ৰাইজৰ চিকিৎসা সেৱাৰ ভৰষাস্থল ৷ সংকটজনক অৱস্থাত কোকৰাঝাৰবাসীয়ে উন্নত চিকিৎসা সেৱাৰ বাবে ৰোগীক গুৱাহাটী, বঙাইগাঁও আৰু শিলিগুৰিলৈ নিয়াৰ বাদে গত্যন্তৰ নাথাকে ৷ তদুপৰি কোকৰাঝাৰত বৰ্তমান এখনো উন্নত চিকিৎসালয় নাই ৷ সেয়েহে জিলাবাসীয়ে যাতে চৰকাৰী চিকিৎসালয়তে চিকিৎসা সেৱাৰ সুবিধাসমূহ লাভ কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰখা হৈছে ৷
আনপিনে বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰখনে শিক্ষা আৰু চিকিৎসা সেৱা খণ্ডত অধিক প্ৰাধান্য দিছে বুলিও মন্তব্য প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷
লগতে পঢ়ক: SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল চি আই ডিৰ