কোকৰাঝাৰ, 21 এপ্ৰিল : ৰাজ্যত আগন্তুক চৰকাৰখন বিজেপি মিত্ৰজোঁটৰে হ'ব, ইয়াত কোনো সন্দেহ নাই ৷ এই মন্তব্য বিটিআৰৰ মুখ্যকাৰ্যবাহী প্ৰমোদ বড়োৰ ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত বিটিআৰৰ আটাইকেইখন আসনেই ইউপিপিএল আৰু বিজেপিয়ে দখল কৰিব বুলিও মন্তব্য কৰিলে ৷ অসমবাসী ৰাইজে এক শক্তিশালী চৰকাৰ লোভ কৰাৰ লগতে বিগত পাঁচ বছৰত ৰাজ্যৰ সামগ্ৰিক বিকাশ, শান্তি আৰু নিৰাপত্তাৰ হকে যি পদক্ষেপ গ্ৰহণ কৰিলে তাতকৈয়ো ভাল অনুশাসনৰ চৰকাৰ লাভ বুলিও সদৰি কৰিলে মুখ্যকাৰ্যবাহী গৰাকীয়ে ৷
আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙকলৈ নাটকহে কৰি আছে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে কয়, এই নাটক 2 মে'লৈকেহে চলিব ৷ এই নাটক কৰি বিভিন্ন ঠাইত ফুৰিবলৈ যোৱা প্ৰাৰ্থীসকলে উভতাৰ সময়ত লগত ক'ৰণাহে লৈ আহিব ৷