কোকৰাঝাৰ, ২২ জানুৱাৰী: অহা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুবাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ'ব বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠান । পূৰ্ণগতিত চলিছে অনুষ্ঠানৰ প্ৰস্তুতি । কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো জনগোষ্ঠীয় সংগ্ৰামী সংগঠনৰ আলোচনামৰ্মে স্বাক্ষৰিত হোৱা ঐতিহাসিক বিটিআৰ শান্তি চুক্তিয়ে অহা ২৭ জানুৱাৰীত এবছৰ সম্পূৰ্ণ কৰিব ৷
![কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতি তুংগত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-btraccorddaypreparationatgreenfield-vis-photo-10044_22012021165830_2201f_1611314910_900.jpg)
সেয়ে, প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপিৰ সন্মিলিত বিটিআৰ পৰিষদীয় চৰকাৰে অহা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ আয়োজন কৰিছে ৷
চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ'বলগীয়া বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰথম দিনাৰ কাৰ্যসূচী অৰ্থাৎ ২৪ জানুৱাৰীত বিশাল জনসভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ আগমণক লৈ কোকৰাঝাৰত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।
![কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতি তুংগত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-btraccorddaypreparationatgreenfield-vis-photo-10044_22012021165830_2201f_1611314910_836.jpg)
চহৰখনৰ বড়োফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ কাষতে থকা গ্ৰীণ ফিল্ডত বিটিআৰ প্ৰশাসনে দিনে-নিশাই যুদ্ধকালীন প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ ইতিমধ্যে মুখ্য মঞ্চৰ লগতে হেলিপেড, হেলিপেডৰ পৰা পোনে পোনে মূল মঞ্চ সংযোগী পথ চিচি ব্লকেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷
![কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতি তুংগত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-btraccorddaypreparationatgreenfield-vis-photo-10044_22012021165830_2201f_1611314910_1105.jpg)
এই অনুষ্ঠানত তিনি লক্ষাধিক লোক সমবেত হ'ব বুলি ধাৰণা কৰা হৈছে । গ্ৰীণ ফিল্ডৰ সভাথলীৰ লগতে কোকৰাঝাৰ চহৰৰ বাট-পথসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে ৷ সভাথলীৰ কাষত গৃহ মন্ত্ৰীৰ লগতে আন ভিআইপিসকলৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে নিৰ্মাণ কৰা দুটাকৈ অস্থায়ী হেলিপেডৰ কাৰিকৰী দিশ আৰু সভাথলীৰ নিৰাপত্তাৰ ব্যৱস্থা বায়ু সেনা বাহিনীৰ এখন বিশেষ হেলিকপ্টাৰেৰে শুক্ৰবাৰে নিৰীক্ষণ কৰা হয় ।
![কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতি তুংগত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-btraccorddaypreparationatgreenfield-vis-photo-10044_22012021165830_2201f_1611314910_195.jpg)
লগতে হেলিকপ্টাৰৰ পৰীক্ষণমূলক অৱতৰণো সম্পন্ন কৰা হয় । অহা ২৭ জানুৱাৰীত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ কাৰ্যসূচী চাৰিওখন জিলাতে অনুষ্ঠিত কৰা হ'ব । সেয়ে, অহা ২৭ জানুৱাৰীত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ।
![কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতি তুংগত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-btraccorddaypreparationatgreenfield-vis-photo-10044_22012021165830_2201f_1611314910_743.jpg)