ETV Bharat / state

হাগ্ৰামা মহিলাৰীৰ খুলশালীয়েকৰ বিৰুদ্ধে সৰৱ BTR ৰ শাসক পক্ষ - বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো

বিটিআৰ অধিৱেশনৰ অন্তিম দিনা সদনত পাঁচটাকৈ বিধেয়ক গৃহীত ৷ সদনত হাগ্ৰামা মহিলাৰীৰ খুলশালীয়েক তথা বিপিএফৰ MCLA মুনমুন ব্ৰক্ষৰ বিৰুদ্ধে সৰৱ শাসকীয় পক্ষ ৷ সবিশেষ জানো আহক ৷

Btc session ends on thrusday
হাগ্ৰামা মহিলাৰীৰ খুলশালীয়েকৰ বিৰুদ্ধে সৰৱ BTR ৰ শাসক পক্ষ
author img

By

Published : Nov 18, 2021, 9:02 PM IST

কোকৰাঝাৰ, ১৮ নবেম্বৰ : বিটিআৰ বিধান পৰিষদীয় ভৱনত বুধবাৰৰে পৰা দুদিনীয়া কাৰ্সূচীৰে আৰম্ভ হোৱা বিটিআৰ শৰৎ কালীন অধিৱেশন বৃহস্পতিবাৰে শাসক আৰু বিৰোধীৰ মাজত প্ৰশ্নোত্তৰ শিতানত হোৱা তুমুল বাক বিতণ্ডাৰে সামৰণি পৰে ৷ উল্লেখ্য যে, কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিৱেশনৰ অন্তিম দিনা সদনৰ মজিয়াত পাঁচখনকৈ বিধেয়ক সৰ্বসন্মতিক্ৰমে গৃহীত হয় ৷

বিধেয়ক কেইখন হ’ল ক্ৰমে - বড়োলেণ্ড চিকিৎসা বিধেয়ক, বডোলেণ্ড লিগেল মেট্ৰোলোজী বিধেয়ক , বড়োলেণ্ড চেণ্ট্ৰেল চিলেকচন বিধেয়ক , বড়োলেণ্ড বজাৰ ও দোকান বিধেয়ক আৰু বন আৰু বন্যপ্ৰাণী ৰিভলভিং ফাণ্ড বিধেয়ক ৷ ইপিনে, সদনৰ মজিয়াত শাসক পক্ষই হাগ্ৰামা মহিলাৰীৰ খুলশালী তথা পৰ্বতঝোৰা সমষ্টিৰ MCLA মুনমুন ব্ৰক্ষই চছিয়েল মিডিয়া "ফেচবুকত" দিয়া আপত্তিজনক মন্তব্যকলৈ শাসকীয় পক্ষ সৰৱ হোৱা দেখা যায় ৷

আনকি সদনত শাসক পক্ষৰ EM সকলে বিপিএফৰ জনপ্ৰতিনিধি এজনে চছিয়েল মিডিয়াত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহীৰ লগতে শাসকীয় নেতাৰ বিৰুদ্ধে সন্মানহানিকাৰক প’ষ্ট দিয়াক লৈ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷ অৱশ্যে, সদনত অধ্যক্ষ কাতিৰাম বড়োই বিপিএফৰ MCLA মুনমুন ব্ৰহ্মক উদ্দেশ্য কৰি জনপ্ৰতিনিধি এজনক জন প্ৰতিনিধিৰ মৰ্যদা অক্ষুন্ন ৰখাৰ আহ্বান জনাই তেওঁৰ বিৰুদ্ধে হাউছৰ ৰুল ৫৪ ৰ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে ৷

হাগ্ৰামা মহিলাৰীৰ খুলশালীয়েকৰ বিৰুদ্ধে সৰৱ BTR ৰ শাসক পক্ষ

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰা বিটিআৰ শৰৎ কালীন অধিবেশনৰ সামৰণিৰ দিনা হাগ্ৰামা মহিলাৰীৰ অন্তিম শাসন কালত বিটিআৰত ফিক্সড পে’ত নিযুক্তি পোৱা ৪৯৭ গৰাকী কৰ্মচাৰীৰ চাকৰিৰ ভৱিষ্যৎ , অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাদেশীকৰণ কৰা, বনাঞ্চলৰ ভূমি ধ্বংস-বেদখল আদিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী দলৰ MCLA সকলে প্ৰশ্নৰে শাসক পক্ষক ব্যাতিব্যস্ত কৰা পৰিলক্ষিত হয় ৷

বিৰোধী দলৰ দলপতি তথা BPF ৰ MCLA দেৰহাছাৎ বসুমতাৰীয়ে সদনৰ মজিয়াত শাসকীয় পক্ষকে নিৰ্দিষ্ট উন্নয়ন খণ্ডৰ বুজন পৰিমাণৰ কাম দিয়া, এজন ঠিকাদাৰক কোটি কোটি টকাৰ কামৰ নিবিদা দিয়া ইত্যাদি বিভিন্ন প্ৰসংগ দাঙি ধৰাত শাসক পক্ষই তেওঁলোকক শিক্ষকৰ দৰে পৰামৰ্শ দিয়া বুলি হূলস্থুলৰ সৃষ্টি কৰাত বিৰোধী দলৰ দলপতিসহ বিপিএফৰ আটাইকেইগৰাকী MCLA য়ে অন্তিম ক্ষণত সদন ত্যাগ কৰে ৷

ইফালে, অধিবেশনৰ অন্তত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদমাধ্যমৰ আগত দুদিনীয়া কাৰ্যসূচীত বিৰোধী দলৰ অংশ গ্ৰহণৰ শলাগ লয় আৰু গণতান্ত্ৰিক এখন দেশত শাসক আৰু বিৰোধীৰ ভূমিকাৰ প্ৰয়োজন বুলি কয় ৷ আনফালে, বিৰোধী দলৰ দলপতি তথা বিপিএফৰ MCLA দেৰহাছাৎ বসুমতাৰীয়ে বিশেষ টেট পৰক্ষী পতা, ফিক্সড পে’ৰ কৰ্মচাৰীৰ অনাদায় দৰমহা মোকলাই দিয়া, চাকৰিৰ নিয়মীয়াকৰণ কৰা আৰু অপ্ৰাদেশিকৃত স্কুলৰ প্ৰাদেশিকৰণ কৰা আদি দাবী সদনৰ মজিয়াত উত্থাপন কৰে ৷

বিটিআৰ অধিবেশনত অংশলৈ বিৰোধী দল সন্তুষ্ট নহয় বুলি মন্তব্য কৰি দেৰহাছাৎ বসুমতাৰীয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োকো মিছলীয়া বুলি আখ্যা দিয়ে ৷ সদনৰ মজিয়াত প্ৰমোদ বড়োই দাঙি ধৰা মিছন এণ্ড ভিজনকলৈ বসুমতাৰীয়ে তীব্ৰ সমালোচনা কৰে ৷

প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে চাপ্লাই দিয়াৰ নামত স্বাস্থ্য, শিক্ষাকে ধৰি চাৰিটা বিভাগতে কেৱল ১৬৯ কৌটি টকাৰ চাপ্লাইৰ কাম দিয়া, কেৱল ওদালগুৰিৰ উন্নয়ন খণ্ডতে মুঠ ১১ কৌটি ১১ লাখ টকাৰ কামৰ আবন্টন দিয়া আৰু এজন ঠিকাদাৰকে ৯২ টা কামৰ ঠিকা দিয়া বুলিও বিৰোধী দলপতি দিৰহাছাৎ বসুমতাৰীয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : হুইল চেয়াৰত বহুৱাই Indo-China war ৰ সময়ৰ ব্ৰিগেডিয়াৰক ক’লৈ লৈ গ’ল ৰাজনাথ সিঙে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.