ETV Bharat / state

কৰ’ণাৰ আতংকৰ মাজতে বিটিচিত নিৰ্বাচনী গৰম বতাহ - বিটিচি

কৰ’ণা মহামাৰীৰ বাবে স্থগিত ৰখা পৰিষদীয় নিৰ্বাচনৰ বতাহ চেগা-চোৰোগাকৈ চলিছে বিটিচিত ৷ নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে ঠায়ে ঠায়ে সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত হিংসাত্মক ঘটনা ৷

BTC Election preparation during covid 19 pandamic kokrajhar assam etv bharat news
BTC Election preparation
author img

By

Published : Jun 15, 2020, 8:58 PM IST

কোকৰাঝাৰ,15 জুন: মহামাৰী কৰ’ণাৰ আতংকৰ মাজতো বড়োভূমিত বলিব ধৰিছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ । নিৰ্বাচনৰ তাৰিখ পুনৰ ঘোষণা নোহোৱা স্বত্বেও কৰ’ণাৰ আতংকক আওকাণ কৰি বিটিচি দখলৰ যুঁজত নামি পৰিছে বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকল ৷ সম্প্ৰতি নিজা নিজা ৰণকৌশল প্ৰস্তুতিত ব্যস্ত শাসকীয় দল বিজেপিকে ধৰি বিপিএফ,ইউপিপিএল,গণ সুৰক্ষা দল আদি ৷ কিন্তু এই প্ৰস্তুতিৰ মাজতে নিৰ্বাচনীকেন্দ্ৰিক হিংসা আৰম্ভ হ’বলৈ ধৰিছে বড়োভূমিত ৷

বিটিচিত নিৰ্বাচনী গৰম বতাহ

কিছুদিনপূৰ্বে হাগ্ৰামা মহিলাৰীৰ সমষ্টিৰ কচুগাঁৱত ইউপিপিএলৰ সমৰ্থকক আক্ৰমণ কৰাৰ ঘটনা মাৰ নৌযাওঁতেই একে সমষ্টিতে মহিলা সমৰ্থকৰ এটা দলক আক্ৰমণ কৰা কাৰ্যই এই হিংসা তীব্ৰতৰ কৰি তুলিছে ৷ কিন্তু ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন নকৰাকৈয়ে দলসমূহে আৰম্ভ কৰিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷

নিৰ্বাচনলৈ সাজু প্ৰতিটো ৰাজনৈতিক দল

সেয়ে ৰাজ্যৰ গৃহ বিভাগক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ মুঠতে কৰ’ণাৰ আতংকক নেওচি এতিয়া বিটিচি নিৰ্বাচনলৈ টঙালি বান্ধিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৷

লগতে চাওকঃ জয়ন্ত বৰাৰ মৃত্যুৰ তদন্ত ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.