ETV Bharat / state

অফিচিয়েলি ন'হলেও মই এতিয়াও চীফঃ হাগ্ৰামা মহিলাৰী - হিটলাৰী শাসন

বিপিএফৰ অবাধ দুৰ্নীতি চি বি আইৰ ওচৰত সোনকালে ফাদিল হ'বঃ নৱ শৰণীয়া ৷ বিটিচিৰ অবাধ লুণ্ঠনৰাজক ৰাজ্যপাল শাসনে দমন কৰিব পাৰিব- প্ৰমোদ বড়ো ৷

BTAD Leaders welcomed governer rule in BTC
অফিচিয়েলি ন'হলেও মই এতিয়াও চীফঃহাগ্ৰামা মহিলাৰী
author img

By

Published : Apr 28, 2020, 1:45 PM IST

কোকৰাঝাৰ,28এপ্ৰিলঃ অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত বিটিচিত প্ৰৱৰ্তন কৰা হ'ল ৰাজ্যপালৰ শাসন ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে শাসনৰ কাৰ্যকাল বৃদ্ধিৰ দাবী তুলিছিল যদিও সেই দাবী বিফল হ'ল ৷ ইপিনে বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাৰ পিছতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যপালৰ শাসনক আদৰণি জনাইছে বড়ো ভূমিৰ বহু নেতাই ৷

অফিচিয়েলি ন'হলেও মই এতিয়াও চীফঃহাগ্ৰামা মহিলাৰী

ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে মন্তব্য কৰি কয় যে,বিটিচিৰ অবাধ লুণ্ঠনৰাজক ৰাজ্যপাল শাসনে এতিয়াৰে পৰা দমন কৰিব পাৰিব ৷ কোকৰাঝাৰৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ মূৰব্বী নৱ শৰণীয়াই বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ হিটলাৰী শাসন শেষ বুলি কৈ বিপিএফৰ অবাধ দুৰ্নীতি চি বি আইৰ ওচৰত সোনকালে ফাদিল হ'ব বুলিও মন্তব্য আগবঢ়ায় ৷ ইপিনে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে ৰাজ্যপালৰ শাসনক আদৰণি জনাই এই শাসনক লৈ আশাবাদী বুলি মন্তব্য কৰে ৷

বিপিএফৰ অবাধ দুৰ্নীতি চি বি আইৰ ওচৰত সোনকালে ফাদিল হ'ব

আনহাতে,কাৰ্যকাল শেষ হ'লেও এতিয়াও নিজকে বিটিচিৰ চীফ বুলিয়েই ভাৱে হাগ্ৰামা মহিলাৰীয়ে ৷ ৰাজ্যপাল শাসনৰ পিছতে নিজৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলাৰীয়ে কয় যে,বিটিচি শান্তিত থাকিব লাগে,অফিচিয়েলি ন'হলেও মই এতিয়াও চীফ হৈয়ে আছো ৷ মিত্ৰতাক লৈ আশা আছিল যদিও সেইয়া হৈ নুঠিল ৷ ইয়াৰ লগতে এই সংক্ৰান্তত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি কৈ বিটিচিত পুনৰ বিপিএফ দলেই শাসনৰ গাদীত বহিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

উল্লেখযোগ্য যে,27 এপ্ৰিলত সমাপ্ত হৈছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ কাৰ্যকাল ৷ ইয়াৰ উপৰি কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে দেশজুৰি লক ডাউন জাৰি হোৱাৰ ফলত অনুষ্ঠিত হোৱা নাছিল বিটিচি নিৰ্বাচন ৷ যাৰ পৰিপ্ৰেক্ষিতত বিটিচিত প্ৰৱৰ্তন হয় ৰাজ্যপাল শাসন ৷

লগতে পঢ়কঃবড়োলেণ্ডত জাৰি কৰা হৈছে ৰাজ্যপালৰ শাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.