ETV Bharat / state

বিটিআৰৰ বাজেট অধিবেশনত অংশ নলয় বিপিএফ দলেঃ দনেশ্বৰ গয়াৰী

author img

By

Published : Jan 7, 2021, 10:55 PM IST

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ মিত্ৰজোঁট চৰকাৰখনক অবৈধ আখ্যা বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰীৰ ৷ 8 জানুৱাৰীত বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হবলগীয়া বাজেট অধিবেশন বৰ্জন কৰিব বিপিএফে ৷

bpf-will-boycott-the-budget-session-of-btr-mcla-daneswar-goyare
বিটিআৰৰ বাজেট অধিবেশনত অংশ নলয় বিপিএফ দলে

কোকৰাঝাৰ,7 জানুৱাৰী: প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশনত অংশ নলয় বিপিএফ দলে ৷ অহা 8 জানুৱাৰীত বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিবেশন বৰ্জন কৰিব বিপিএফে ৷ বিপিএফৰ বাওখুংগ্ৰী সমষ্টিৰ পৰিষদীয় সদস্য(পাৰিষদ,এম চি এল এ) তথা দলৰ জ্যেষ্ঠ নেতা দনেশ্বৰ গয়াৰীয়ে বৃস্পতিবাৰে সংবাদ-মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই কথা ৷ আনকি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ মিত্ৰজোঁট চৰকাৰখনক অবৈধ আখ্যা দিছে দনেশ্বৰ গয়াৰীয়ে ৷ তেওঁ কয় যে,যোৱা 28 ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা ফ্ল’ৰ টেষ্টত বিপিএফে বেলট পেপাৰৰ দ্বাৰা ভোটদানৰ দাবী তুলিছিল ৷ কিন্তু সেইয়া নকৰিলে আৰু নীতি নিয়মৰে ভোট নোহোৱাৰ বাবে বিপিএফ দলৰ 16 গৰাকী পাৰিষদে সদনত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ এইক্ষেত্ৰত বিটিআৰ বিধান পৰিষদীয় ভৱনত প্ৰমোদ বড়ো নেতৃতবাধীন ইউপিপিএল,বিজেপি আৰু জিএছপিৰ পাৰিষদে ন্যায়ালয়ৰ নিৰ্দেশনাক বিপথে পৰিচালিত কৰি হাত দাঙি ওলাই যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দনেশ্বৰ গয়াৰীয়ে ৷

সেইয়ে বিপিএফ দলে পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে শুকুৰবাৰে বাজেট অধিবেশনত অংশ নোলাৱাৰ সিদ্ধান্ত লৈছে বুলি স্পষ্ট কৰি দিছে বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰীয়ে ৷ ইপিনে বিপিএফৰ নৱনিৰ্বাচিত পাৰিষদ কেইজনমান বিজেপি শিবিৰলৈ ধাৱমান হ'ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত একেষাৰে নাকচ কৰে দনেশ্বৰ গয়াৰীয়ে ৷ তেখেতে এই সন্দৰ্ভত কয় যে,ৰাইজে মোক বাওখুংগ্ৰী সমষ্টিত এইবেলি 19 হেজাৰৰো অধিক ভোটত জয়ী কৰিছিল আৰু ৰাইজৰ বিবেকক মই সন্মান কৰো ৷ গতিকে বিজেপি শিবিৰলৈ যোৱা বুলি চলা চৰ্চাক অপপ্ৰচাৰ আখ্যা দি ৰাইজক মই কাহানিও প্ৰতাৰণা নকৰো বুলি স্পষ্ট কৰি দিয়াৰ লগতে দনেশ্বৰ গয়াৰীয়ে সদায় বিপিএফ কৰ্মী হিচাপে কাম কৰি যাব বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ এখন আজৱ আৰক্ষী চকীঃ অপৰাধীক ৰাখিবলৈ নাই ল'ক-আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.