ETV Bharat / state

বিটিআৰৰ আঁচনি ৰূপায়নক লৈ প্ৰধান সচিবৰ নিৰ্দেশনাক তীব্ৰ সমালোচনা বিপিএফৰ

author img

By

Published : Jun 10, 2021, 10:33 PM IST

বিটিআৰৰ ১৬ টা বিভাগৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলক পৰ্যবেক্ষণ, নিৰীক্ষণ, বছৰেকীয়া কাৰ্যপ্ৰণালীৰ দায়িত্ব দিয়া কাৰ্যক লৈ বিপিএফৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷ জিলা উপায়ুক্তক দায়িত্ব দিয়া কাৰ্যই বিটিআৰৰ স্বকীয়তা নোহোৱা কৰিব আৰু বিপিএফ দলে এয়া কোনো কাৰণতে মানি নলয় বুলি সংবাদমেলত মন্তব্য বিপিএফৰ নেতা তথা বিটিআৰৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ । বিষয়টোক লৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক মুকলি প্ৰত্যাহ্বান ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচৰ ।

BPF Press meet at kokrajhar
কোকৰাঝাৰ গৌৰাং ভেলী হোটেলত বিপিএফ দলৰ সংবাদমেল

কোকৰাঝাৰ, 10 জুন : বিটিআৰৰ প্ৰধান সচিবে এক নিৰ্দেশনা যোগে বিটিআৰৰ ১৬ টা বিভাগৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত জিলা উপায়ুক্তসমুহক পৰ্যবেক্ষণ, নিৰীক্ষণ, বছৰেকীয়া কাৰ্যপ্ৰণালীৰ দায়িত্ব দিয়া কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএএফ দলে । ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ (সংশোধন) আধাৰত গঠিত হোৱা বিটিআৰত এতিয়াৰে পৰা আঁচনিসমূহ সংশ্লিষ্ট জিলাৰ উপায়ুক্তই তদাৰক তথা পৰ্যবেক্ষণ কৰাৰ বিষয়টোক লৈ বুধবাৰে জৰুৰীভাৱে কোকৰাঝাৰ চহৰস্থিত গৌৰাং ভেলী হোটেল(Gaurang Valley Hotel)ত বিপিএফ দলৰ এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত বিপিএফৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্ম, বিধায়ক দুৰ্গাদাস বড়োকে ধৰি বিপিএফৰ কেইবাগৰাকী প্ৰাক্তন বিধায়ক আৰু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

সভাৰ অন্তত সংবাদমাধ্যমৰ আগত বিটিআৰৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে বিটিআৰৰ মুখ্য সচিবে জিলা উপায়ুক্তসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পৰ্যবেক্ষন, নিৰীক্ষণ, বছৰেকীয়া কাৰ্য প্ৰণালীৰ দায়িত্ব দিয়া কাৰ্যক নিন্দা কৰে ৷ এই পদক্ষেপে বিটিআৰৰ স্বকীয়তা নোহোৱা কৰিব বুলি মন্তব্য কৰি প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে, বিষয়টোক পৰ্যায়ক্ৰমে জনসাধাৰণৰ ওচৰলৈ নিয়া হ’ব আৰু বিপিএফ দলে এয়া কোনো কাৰণতে মানি নলয় ৷

ইফালে বিপিএফ দলে এতিয়ালৈকে কিয় এখনো বাজেট অধিৱেশনত ভাগ লোৱা নাই বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিটিআৰৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ইউপিপিএল - বিজেপি নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰখন অবৈধ বুলি এক বিস্ফোৰক মন্তব্য কৰে ৷ বিটিআৰ চৰকাৰক অবৈধ বুলি গণ্য কৰাৰ বাবেই বিটিআৰৰ সংসদীয় পৰিষদীয় সভা বা বাজেট অধিৱেশনত বিপিএফ দলে ভাগ লোৱা নাই বুলি স্পষ্ট কৰি দিয়ে খাম্পা বৰগয়াৰীয়ে । ১৭ খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হোৱাৰ পাচতো অন্যায় পথেৰে ইউপিপিএল দলে বিটিআৰ বিৰোধী শক্তিক লৈ চৰকাৰ গঠন কৰিলে বুলি দাবী কৰি মহামান্য উচ্চ ন্যায়ালয়ৰ মজিয়াত এতিয়াও গোচৰটো বিচাৰাধীন হৈ আছে বুলি মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) গোপন বেলটযোগে পুনৰাই আস্থাভোটৰ নিৰ্দেশ দিব বুলি এতিয়াও বিপিএফ দল আশাবাদী আৰু ন্যায়ালয়ৰ নিৰ্দেশক বিপিএফ দলে মানি চলিব বুলিও বৰগয়াৰীয়ে মন্তব্য কৰে ৷

আনহাতে, গৌৰাং ভেলী হোটেলত বুধবাৰে নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচন(North East Heritage Foundation)ৰ সঞ্চালক ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচেও এক সংবাদমেলৰ আয়োজন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰে । প্ৰমোদ বড়োক মুকলি প্ৰত্যাহ্বান জনাই পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে জিলা উপায়ুক্তক আঁচনি ৰূপায়নৰ ক্ষেত্ৰত পৰ্যবেক্ষণ, নিৰীক্ষণ, বছৰেকীয়া কাৰ্যপ্ৰণালীৰ দায়িত্ব দিয়াটো দুৰ্ভাগ্যজনক আৰু অপমানজনক বুলি আখ্যা দি এনে কাৰ্যৰ জৰিয়তে প্ৰমোদ বড়োৱে নিজৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতি আস্থাহীনতা প্ৰকাশ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে । সহস্ৰাধিক শ্বহীদৰ বিনিময়ত লাভ কৰা ষষ্ঠ অনুসূচীত এনে কাৰ্য দুৰ্ভাগ্যজনক আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে পৰিৱৰ্তনৰ শ্ল'গান আওৰাই থকাৰ পাচত এনে কাৰ্যই জনসাধাৰণক হাৰাশাস্তি কৰিব বুলি মন্তব্য কৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত উপায়ুক্তৰ হস্তক্ষেপে সময়ৰ অপব্যৱহাৰ কৰিব বুলি মন্তব্য কৰিছে ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে ।

লগতে পঢ়ক : নিচা আৰু অপৰাধমুক্ত অসম গঢ়াৰ পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.