কোকৰাঝাৰ, 29 এপ্ৰিলঃ বিটিচি পৰিষদ ৰাজ্যপালৰ অধীনলৈ যোৱাৰ পাছতে এতিয়া ধুমুহা অহাৰ ইংগিত দিছে বিপিএফ দলত । জানিব পৰা মতে, শীঘ্ৰেই বি পি এফ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব পাৰে বিপিএফৰ একাংশ জেষ্ঠ নেতাই । বিপিএফৰ দুই নেতা ক্ৰমে মন্ত্ৰী ৰিহন দৈমাৰী আৰু বিপিএফ দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰীয়ে বিজেপিত যোগদান কৰাৰ কুচকাৱাজ চলি থকা বুলি জানিব পৰা গৈছে ।
বিটিএডিত শাসনৰ বাঘজৰী লোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কাৰ্যকালৰ ২৭ এপ্ৰিলত ম্যাদ উকলে । ইয়াৰ পাছতে ষষ্ঠ অনুসূচীৰ মুৰব্বী খোদ ৰাজ্যপাল জগদীশ মুখীয়ে বিটিচি শাসনৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, বৰ্তমান ইমানুৱেল মোছাহাৰী বিপিএফ দলৰ সাধাৰণ সম্পাদক আৰু ৰিহন দৈমাৰী বিপিএফৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী।