ETV Bharat / state

বিটিআৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰত এবছুৰ প্ৰতীক ব্যৱহাৰৰ বিৰোধীতা বিপিএফৰ - New gate of BTC Secretariat

বিটিআৰ সচিবালয়ৰ নৱনিৰ্মিত মুখ্য প্ৰৱেশদ্বাৰৰ তোৰণত এবছুৰ প্ৰতীক (ABSU emblem used on BTR secretariat gate)৷ ইয়াকে লৈ সৰৱ বিৰোধী দল বিপিএফ ৷ চৰকাৰী অনুষ্ঠানৰ প্ৰৱেশদ্বাৰত ছাত্ৰ সংগঠনৰ প্ৰতীক ব্যৱহাৰৰ বিৰোধিতা ৷

বিটিআৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰত এবছুৰ প্ৰতীক ব্যৱহাৰৰ বিৰোধীতা বিপিএফৰ

author img

By

Published : Sep 30, 2022, 10:19 AM IST

কোকৰাঝাৰ, ২৯ ছেপ্টেম্বৰ: বিটিআৰ সচিবালয়ৰ নৱনিৰ্মিত মুখ্য প্ৰৱেশদ্বাৰৰ তোৰণত(New gate of BTC Secretariat) এবছুৰ প্ৰতীক চিহ্ন খোদিত কৰাক লৈ বিটিআৰৰ বিৰোধী ৰাজনৈতিক দল বিপিএফে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বৃহস্পতিবাৰে কোকৰাঝাৰস্থিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত বিপিএফৰ পাৰিষদ তথা বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে বিষয়টোক লৈ সৰৱ হৈ পৰা দেখা গ’ল (BPF leader Derhasat Basumatar)৷

বিটিআৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰত এবছুৰ প্ৰতীক চিহ্ন লগাই শাসকীয় পক্ষই আচলতে কি বুজাব বিচাৰিছে বুলি প্ৰশ্ন কৰে দেৰহাছাৎ বসুমতাৰীয়ে (ABSU emblem used on BTR secretariat gate)৷ এটা চৰকাৰী অনুষ্ঠানৰ প্ৰৱেশদ্বাৰত এটা ছাত্ৰ সংগঠনৰ প্ৰতীক কেনেকৈ খোদিত পাৰিলে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে দেৰহাছাৎ বসুমতাৰীয়ে ৷

বিটিআৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰত এবছুৰ প্ৰতীক ব্যৱহাৰৰ বিৰোধীতা বিপিএফৰ

আনহাতে বিটিআৰ সচিবালয়ৰ প্ৰৱেশদ্বাৰৰ তোৰণত বড়ো আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰা হৈছে যদিও অসমীয়া ভাষা ব্যৱহাৰ নকৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতিগৰাকীয়ে (Assamese language ignored in BTR gate)৷ তোৰণখনত অসমীয়া ভাষাটোকো ব্যৱহাৰ কৰিব পাৰিলেহঁতেন যদিও কেৱল বড়ো আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰাত শাসকীয় পক্ষৰ নিজৰ জাত্যভিমানী চৰিত্ৰ প্ৰকট হৈ পৰিছে বুলিও বিপিএফৰ নেতাগৰাকীয়ে অভিযোগৰ সুৰত মন্তব্য প্ৰদান কৰে ৷

ইপিনে সংবাদমেলত দেৰহাছাৎ বসুমতাৰীয়ে এইবুলিও কয় যে আজিৰ সংবাদমেলৰ পাচতেই তেওঁলোকে বিষয়টোক অন্যফালে ঢাল খোৱাব বিচাৰিব আৰু সেয়া এবছুৰ প্ৰতীক নহয় বৰং সেয়া ঢাল-তৰোৱালহে বুলি মন্তব্য কৰিব ৷ লগতে তেওঁ কয় যে, ই যুঁজাৰু মানসিকতাৰ প্ৰতীক, সংস্কৃতিৰ প্ৰতীক আৰু সাংস্কৃতিক ক্ষেত্ৰত ব্যৱহাৰ হয়, ঢাল-তৰোৱাল বড়ো সংস্কৃতিৰ অভিন্ন অংগ আদি বিভিন্ন মন্তব্য কৰি শাসকীয় পক্ষই প্ৰতীয়মান কৰিব বিচাৰিব ৷

বিটিআৰৰ মূল প্ৰৱেশদ্বাৰত লগোৱা চিহ্নটো প্ৰকৃততে এবছুৰ প্ৰতীক আৰু জাতীয় সংগঠনৰ এনে প্ৰতীকপট বিটিআৰৰ মুখ্য প্ৰৱেশদ্বাৰত লগোৱাটো একেবাৰে উচিত হোৱা নাই বুলি সংবাদমেলত স্পষ্টভাৱে মন্তব্য কৰে দেৰহাছাৎ বসুমতাৰীয়ে ।

লগেত পঢ়ক: নতুন দিল্লীত চিন্তন বৈঠকত সোণোৱাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.