ETV Bharat / state

বিটিচিৰ অস্থিৰ পৰিৱেশৰ আঁৰত চৰকাৰৰ হাত আছে : প্ৰবীণ বড়ো - বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়ো

বিটিচিৰ অস্থিৰ পৰিৱেশৰ আঁৰত চৰকাৰৰ হাত আছে বুলি মন্তব্য বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ ৷ শুকুৰবাৰে এক সংবাদমেলযোগে বাক্সা জিলাৰ শালবাৰীৰ সৰু গাতিৰ বিপিএফৰ কৰ্মী প্ৰাণজিৎ দাসক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে গুলীওৱা ঘটনাৰ আঁৰত চৰকাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে প্ৰবীণ বড়োই ৷

বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ সংবাদমেল

author img

By

Published : Jul 3, 2020, 11:21 PM IST

কোকৰাঝাৰ, 3 জুলাই : বাক্সা জিলাৰ শালবাৰীৰ সৰু গাতিৰ বিপিএফৰ কৰ্মী প্ৰাণজিৎ দাসক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে গুলীওৱা ঘটনাৰ আঁৰত চৰকাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিপিএফ দলে । শুকুৰবাৰে হোটেল গৌৰাঙত আয়োজিত হোৱা এক সংবাদমেলত বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই বিপিএফৰ কৰ্মীজনক গুলীওৱাৰ ঘটনাটো সম্পূৰ্ণৰূপে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে ৷ লগতে এই ঘটনাৰ আঁৰত লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভূমিকাও সন্দেহজনক বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ।

বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, বিপিএফক উৎখাত কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আৰু গোঁসাইগাঁওৰ বিপিএফ কৰ্মী আজিজুৰ ৰহমানক অপহৰণ কৰি হত্যা, শালবাৰীৰ প্ৰাণজিৎ দাসক হত্যাৰ চেষ্টা আদি ঘটনাবোৰ তাৰেই এক আগজাননী ।

বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ সংবাদমেল

ইউপিপিএল, সাংসদ আৰু চৰকাৰ সকলোৱে মিলি এই কাম কৰি আছে ৷ তেওঁলোকে অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি বিপিএফত ভাঙোন আৰু ষড়যন্ত্ৰ ৰচিছে, যদিও বিপিএফ দলে ফেৰ মাৰিবলৈ সক্ষম বুলি মন্তব্য কৰে প্ৰবীন বড়োই । তেওঁ কয় যে, ৰাজ্যপাল শাসনৰ অজুহাত লৈ তেওঁলোকে এই কাম কৰি আছে ৷

আনহাতে, বিপিএফ-বিজেপিৰ মিত্ৰতা এতিয়া এক আন্তৰিকতাহীন সম্পৰ্ক ৷ বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰতো চৰকাৰে সেউজ সংকেত দিছিল যদিও বিজেপি দলে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাটো বিচাৰিছিল বুলি উল্লেখ কৰি বিজেপিয়ে মিত্ৰতাৰে বুজাবুজি পালন কৰা নাই যদিও বিপিএফ দল তেওঁলোকৰ দৰে প্ৰতাৰক নহয় ৷

বিজেপিয়ে ইউপিপিএল আৰু গণ সুৰক্ষা দলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ পিছতো বিপিএফে ৰাজনৈতিক সততা বৰ্তাই ৰাখিছে ৷ বিটিচি নিৰ্বাচনৰ পিছতে বিপিএফে মিত্ৰতা সন্দৰ্ভত নতুনকৈ চিন্তা-চৰ্চা কৰিব বুলিও সংবাদমেলত সদৰী কৰে প্ৰবীণ বড়োই । লগতে, বিটিচিত পুনৰাই বিপিএফ দলে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে সাধাৰণ সম্পাদক প্ৰবীণ বড়োই ।

লগতে পঢ়ক : বান আৰু বন্যপ্ৰাণীৰ সংকট সম্পৰ্কে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.