ETV Bharat / state

বিপিএফৰ আঠজনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

author img

By

Published : Mar 16, 2021, 8:50 PM IST

ইউপিপিএল পিছত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ আঠজনীয়া দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত মঙলবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি বিপিএপৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ এলেকাৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ৷ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো ভাগ্যই নাই বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাত কৈ আগত অসমত বিপিএফ দলৰ পৰা আমিহে মুখ্যমন্ত্ৰী হম বুলি সংবাদমেলত মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

বিপিএফৰ আঠজনীয়া দলীয় প্ৰাৰ্থী তালিকা ঘোষণা

কোকৰাঝাৰ,১৬ মাৰ্চ: ইউপিপিএলৰ পিছত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেও মঙলবাৰে আঠজনীয়া দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত মঙলবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ এলেকাৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিত প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷

ঘোষিত প্ৰাৰ্থীৰ তালিকা অনুসৰি, 28 নং গোঁসাইগাঁও বিধানসভা সমষ্টিত মাজেন্দ্ৰ নাৰ্জাৰী, 29 নং কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিত ৰবিৰাম নাৰ্জাৰী, 30 নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত প্ৰমিলাৰাণী ব্ৰহ্ম, 31 নং চিদলী চন্দন ব্ৰহ্ম, 33 নং বিজনী বিধানসভা সমষ্টিত কমল সিং নাৰ্জাৰী, 58 নং তামুলপুৰ বিধানসভা সমষ্টিত ৰঞ্জা খুংগুৰ বসুমতাৰী ওৰফে ৰামদাস, 62 নং বৰমা বিধানসভা সমষ্টিত প্ৰবীণ বড়ো আৰু 63 নং চাপাগুৰি বিধানসভা সমষ্টিত হিতেশ বসুমতাৰীক প্ৰক্ষেপ কৰা হৈছে ৷

ইপিনে একেখন সংবাদমেলত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, ‘‘উদ্দেশ্য আমাৰ এটাই দিছপুৰৰ পৰা বিজেপি হাটাও অসম বচাও’’ ৷ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো ভাগ্যই নাই বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ আগত অসমত বিপিএফ দলৰ পৰা আমিহে মুখ্যমন্ত্ৰী হ’ম বুলি মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

আনহাতে, আজিৰ দিনত মুখ্যমন্ত্ৰীক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত কাজিয়াহে চলি আছে বুলি মন্তব্য কৰে বিপিএফৰ সভাপতি গৰাকীয়ে ৷ আজিৰ দিনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে কোনো মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই, নিৰ্বাচনৰ পিছতহে কোন মুখ্যমন্ত্ৰী হ’ব সেয়া বাছনি কৰা হ’ব ৷

লগতে পঢ়ক: শিলচৰ বিমানবন্দৰত বোমাতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.