ETV Bharat / state

Demand for separate Bodoland : বড়ো শান্তি চুক্তিক ৰাজনৈতিক চক্ৰান্ত আখ্যা চানছুমা খুংগুৰ বৈছুমুথিয়াৰীৰ

author img

By

Published : Jan 2, 2022, 3:17 PM IST

পৃথক বড়োলেণ্ডৰ দাবীত All India Bodo People's National league for Bodoland Stateৰ সভাপতি তথা প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীৰ সংবাদমেল সম্বোধন ৷ তৃতীয় বড়ো চুক্তি(Third BOro peace accord)ক ৰাজনৈতিক চক্ৰান্ত আখ্যা ৷

separate-state-bodoland-demand-protest-at-kokrajhar
পৃথক বড়োলেণ্ডৰ দাবীত কোকৰাঝাৰত বড়ো সংগঠনৰ সংবাদমেল

কোকৰাঝাৰ ১ জানুৱাৰী : পৃথক বড়োলেণ্ডৰ দাবীত কোকৰাঝাৰত বিশাল কাৰ্যসূচী বড়ো সংগঠনৰ (Demand for separate Bodoland)। পৃথক বড়োলেণ্ডৰ দাবীত ৰাজনৈতিক আলাপ আলোচনাৰ দাবী উত্থাপন কৰিলে All India Bodo People's National league for Bodoland State নামৰ সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

শনিবাৰে কোকৰাঝাৰৰ নিৰ্ভানা গেষ্ট হাউচত অনুষ্ঠিত হোৱা এক সংবাদমেলযোগে All India Bodo People's National league for Bodoland Stateৰ সভাপতি তথা প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে 2022 বৰ্ষৰ ২৭ জানুৱাৰীৰ পূৰ্বে পৃথক বড়োলেণ্ডৰ নামত ৰাজনৈতিক আলোচনা আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰে ।

উক্ত সংবাদমেলত উপসভাপতি গজেন হাজোৱাৰী, সাধাৰণ সম্পাদক দাওৰাও দেখ্ৰেব নাৰ্জাৰী, উপদেষ্ঠা জনকলাল বসুমতাৰী, নবীন ব্ৰহ্ম উপস্থিত থাকে ৷ তদুপৰি সংগঠনটোৱে শনিবাৰে কোকৰাঝাৰ জিলা উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ ৰাজনৈতিক আলোচনাৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব বুলিও সদৰী কৰে ।

উক্ত সংবাদমেলত সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে তৃতীয় বড়ো চুক্তিক কঠোৰ সমালোচনা কৰে । লগতে তেওঁ কয় যে "২০২০ চনৰ ২৭ জানুৱাৰীত ভাৰত চৰকাৰ, অসম চৰকাৰ, এবছু, এনডিএফবি , ইউবিপিঅ'ৰ মাজত সম্পন্ন হোৱা তৃতীয় বড়ো চুক্তি(Third BOro peace accord) বিজেপিয়ে এক জটিল ৰাজনৈতিক চক্ৰান্ত কৰি বিটিচিৰ স্বায়ত্বশাসনৰ ক্ষমতা পিছদুৱাৰেদি কাঢ়ি নিয়াৰ চক্ৰান্ত কৰিছে" ৷

অহা ২৭ জানুৱাৰীৰ পূৰ্বে পৃথক বড়োলেণ্ডৰ নামত ৰাজনৈতিক আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ নকৰিলে সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰিছে সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে ।

লগতে পঢ়ক : New mission launched in BTR : বিটিআৰত আৰম্ভ বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.