ETV Bharat / state

পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ধৰ্ণা শিক্ষাৰ্থীৰ - B.Ed পৰীক্ষা অনুষ্ঠিত নকৰা

পৰীক্ষা অনুষ্ঠিতৰ দাবীত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ধৰ্ণা ৰূপায়ণ শিক্ষাৰ্থীৰ ৷

পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ধৰ্ণা শিক্ষাৰ্থীৰ

author img

By

Published : Sep 5, 2020, 5:31 AM IST

কোকৰাঝাৰ, 4 ছেপ্টেম্বৰ : নামনি অসমৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ে সময়ত B.Ed পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে অসুবিধাৰ সন্মূখীন হ'বলগীয়া হৈছে বহু শিক্ষাৰ্থী ৷ যাৰবাবে আজি একাংশ B.Ed শিক্ষাৰ্থীয়ে অন্তিম ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

UGCৰ গাইড লাইন মতে প্ৰতিখন বিশ্ববিদ্যালয়ে 30 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা শেষ কৰি ফলাফল দিব লাগিছিল যদিও বড়োলেণ্ড বিশ্ববিদ্যালয়ে নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে ৷ ইপিনে অসমৰ অন্য বিশ্ববিদ্যালয় ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয়,অসম বিশ্ববিদ্যালয় আদিয়ে অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰিছে যদিও বড়োলেণ্ড বিশ্ববিদ্যালয়ে আজিলৈকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰোৱা নাই শিক্ষাৰ্থীক ৷ যাৰবাবে বড়োলেণ্ড বিশ্ববিদ্যালয় অধীনৰ প্ৰায় 550 শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণত আৰু চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত হ’ব বুলি উল্লেখ কৰে শিক্ষাৰ্থীসকলে ৷

লগতে পঢ়ক : উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ চতুৰ্দশ সংখ্যক অধিবেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.