ETV Bharat / state

কোকৰাঝাৰত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা আৰম্ভ

কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত বৃহস্পতিবাৰৰ পৰা 14 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলাত হাৰিয়ানা,ৰাজস্থান,উত্তৰপ্ৰদেশ,ছত্তিশগড়,জন্মু-কাশ্মীৰৰ বিপনীৰ অংশগ্ৰহণ ৷

BV XCBF
author img

By

Published : Mar 14, 2019, 9:13 PM IST

কোকৰাঝাৰ ১৪ মাৰ্চ : বিটিচি সদৰ কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত বৃহস্পতিবাৰৰ পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা । বিটিচিৰ বাওখুগ্ৰী সমষ্টিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন এম ৰানা পাটগিৰিয়ে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলাত ৰাজ্যখনৰ লগতে দেশৰ হাৰিয়ানা,ৰাজস্থান,উত্তৰপ্ৰদেশ,চত্তিশগৰ,জন্মু-কাশ্মীৰকে ধৰি বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ লোৱাৰ কথা সদৰী কৰি মেলাখনৰ জৰিয়তে প্ৰায় এক কোটি আশী লাখ টকা বিক্ৰী হ’ব বুলি আশা ব্যক্ত কৰে । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিটিচিৰ সচিব প্ৰধান বীৰেন চন্দ্ৰ ফুকন,বিটিচিৰ হস্ততাঁত বস্ত্ৰবিভাগৰ চি এইচ ডি দিবাকৰ গোস্বামী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীৰ উপৰিও কলকাতাৰ প্ৰখ্যাত এংকৰ তথা কমেডিয়ান শ্ৰী ৰায় সাগৰ আৰু মিচ সুৰভি উপস্থিত আছিল ৷

ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা আৰম্ভ

Intro:কোকৰাঝাৰত আজিৰে পৰা ৰাষ্ট্ৰীয় হস্ততাঁত বস্তমেলা আৰম্ভ ৷৷

---------------------------------------------------------------------------------------------------------------

৷৷ কোকৰাঝাৰ ১৪ মাৰ্চ : বিটিচি সদৰ কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত আজিৰে পৰা চৈধ্য দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা ২০১৮-১৯ আৰম্ভ হৈছে ৷এই উপলক্ষে এক গাম্বীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজৰে  ব্ৰাফেডৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলাখনৰ আজি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বিটিচিৰ বাওখুগ্ৰী সমষ্টিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷ গয়াৰীয়ে উদ্বোধনী ভাষনত বড়োভূমিৰ শিপিনী সকলে কাপোৰ বোৱা কটাৰ  দিশত দক্ষতাৰ বিকাশ গঢ় দি প্ৰতিযোগিতাৰ বজাৰ গঢ়াৰ আহ্বান দিয়ে ৷

Body:এইক্ষেত্ৰত মহিলা সকলক পুৰুষৰ সমানে ফেৰ মাৰি আগবাঢ়ি যোৱাৰ আহ্বান দিয়ে ৷ইপিনে অনুষ্ঠানৰ আৰম্ভনীতে আদৰণী ভাষন পাঠ কৰি ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন এম ৰানা পাটগিৰিয়ে  ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলাত ৰাজ্যখনৰ লগতে দেশৰ হাৰিয়ানা,ৰাজস্হান,উত্তৰপ্ৰদেশ,চত্তিশগৰ,জন্মু-কাশ্মীৰকে ধৰি বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ লোৱা সদৰী কৰি মেলাখনৰজৰিয়তে প্ৰায় এক কৌটি আশী লাখ টকা বিক্ৰি হৱ বুলি আশা ব্যক্ত কৰে ৷সভাত পাটগিৰিয়ে বড়োভূমিৰ গাঞে ভূঞে থকা শিপিণী সকলক উৎপাদিত তাতঁশালৰ কাপোৰৰে বিশ্বৰ বজাৰ দখল কৰা আহ্বান দিয়ে ৷

Conclusion:আজিৰ সভাত বিটিচিৰ সচিৱ প্ৰধান বিৰেন চন্দ্ৰ ফুকন,বিটিচিৰ হস্ততাঁত বস্ত্ৰবিভাগৰ চি এইচ ডি দিবাকৰ গোষ্মামী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীৰ উপৰি কলকাতাৰ প্ৰখ্যাত এংকৰ তথা কমেডিয়ান শ্ৰী ৰায় সাগৰ আৰু মিচ সুৰভি উপস্থিত আছিল ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.