কোকৰাঝাৰ, ১৯ আগষ্ট : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ ২২ সংখ্যক মৃত্যুবাৰ্ষিকী শুকুৰবাৰে কেন্দ্ৰীয়ভাবে বিটিআৰ সদৰ কোকৰাঝাৰত উদযাপন কৰা হয় (Bineshwar Brahma death anniversary celebrated in Kokeajhar) ৷ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বিনেশ্বৰ ব্ৰহ্মৰ সমাধিস্থলত উদযাপন কৰা হয় এই মৃত্যুবাৰ্ষিকী ৷
মৃত্যুবাৰ্ষিকীৰ দিনজোৰা কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সংগঠনৰ পতাকা অৰ্ধ উত্তোলন কৰে বড়ো সাহিত সভাৰ সভাপতি তৰেণ বড়োৱে (President of Boro Sahit Sabha Taren Boro) ৷ পুৱা ৯.১০ বজাত বিনেশ্বৰ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে (MLA from Kokrajhar East constituency Lawrence Islari) ৷
ইয়াৰ পাছতে কাৰ্যসূচীত উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো (BTR Chief Executive Pramod Boro), ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো , এবছুৰ সভাপতি দ্বীপেন বড়ো (ABSU President Dipen Boro), উপ-সভাপতি খৰমদাও ওৱাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, দাওবেচা বড়ো আৰু ৰেওৰেৱা নাৰ্জিহাৰীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বিনেশ্বৰ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷
উল্লেখ্য যে বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকীৰ কাৰ্যসূচীৰ স'তে সংগতি ৰাখি এক মুকলিসভাৰো আয়োজন কৰা হয় ৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলিসভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে (BTR Chief Pramod Boro highlighted work of Bineshwar Brahma) ৷
লগতে বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যু বড়ো সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি বড়োৱে কয় যে এই ক্ষতি কেতিয়াও পূৰণ কৰিব পৰা নাযাব ৷ মুকলি সভাৰ মঞ্চতে 'শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ অৱদান আৰু স্মৃতি' (Contributions and Memories of Shaheed Bineshwar Brahma) শীৰ্ষক এক স্মৃতিগ্ৰন্থৰ উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷