কোকৰাঝাৰ, 25 জানুৱাৰী : পৃথক বড়োলেণ্ড গঠনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোক সকলৰ আৰ্থ-সামাজিক আৰু ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা বিদ্ৰোহী সংগঠন এন ডি এফ বি (এছ)ৰ শীৰ্ষ নেতা ক্ৰমে জি বিদায়, বি বাথা, বি ফেৰেংগাসহ সকলোবোৰ সদস্য চৰকাৰৰ সৈতে শান্তি আলোচনাৰ জৰিয়তে বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা তথা দাবী সমূহৰ ৰাজনৈতিক সমাধানৰ পথেৰে আগবাঢ়িছে ৷ এনে এক সকাৰাত্মক পদক্ষেপৰ ফলত এক প্ৰকাৰে ৰাজ্যখনৰ পৰা সন্ত্ৰাস আৰু বিদ্ৰোহৰ এক দীৰ্ঘদিনীয়া অধ্যায় সমাপ্ত হোৱাৰ পথত ৷
![Bodo Movement and Surrender of NDFB, Peace Talks stipulation with Goverment](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5838265_3.jpg)
![Bodo Movement and Surrender of NDFB, Peace Talks stipulation with Goverment](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5838265_2.jpg)
শেহতীয়াকৈ এন ডি এফ বি’ৰ সভাপতি ৰঞ্জন ডৈমাৰী ওৰফে বি নাৱলা’ক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে ৷ দিল্লীত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ আৰু বিদ্ৰোহী সংগঠনটোৰ শীৰ্ষ নেতাসকলৰ লগতে বড়ো জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি সকলৰ সৈতে অনুষ্ঠিত হ'বলগীয়া ত্ৰিপাক্ষিক বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ লগতে বিটিচি’ৰ চাৰিখন জিলাৰ উপৰি নতুন জিলা গঠন কৰি ইউ টি চি গঠনৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে চুক্তিবদ্ধ হ'ব বুলি জানিব পৰা গৈছে ৷
![Bodo Movement and Surrender of NDFB, Peace Talks stipulation with Goverment](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5838265_1.jpg)
আনহাতে এই আলোচনাত অংশ লোৱাৰ বাবে ইতিমধ্যে এন ডি এফ বি’ৰ চাৰিটাকৈ গোটৰ শীৰ্ষ নেতৃত্বৰ লগতে জাতীয় সংগঠনৰ নেতাসকলে দিল্লীত বাহৰ পাতিছে ৷ অহা 27 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপাক্ষিক চুক্তিকলৈ সম্প্ৰতি চৌদিশে বহু জল্পনা-কল্পনা চলিছে ৷
![Bodo Movement and Surrender of NDFB, Peace Talks stipulation with Goverment](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5838265_4.jpg)
এই চুক্তিৰ গুৰুত্বপূৰ্ণ বিষয় কেইটা হ’ল বিটিচি এলেকাত তিনিখন নতুন জিলা গঠন কৰা ৷ বিটিচি’ৰ অধীনস্থ কোকৰাঝাৰ, বাক্সা আৰু ওদালগুৰি জিলাক দ্বিখণ্ডিত কৰি নতুন জিলা সৃষ্টি কৰা৷ শোণিতপুৰ, লখিমপুৰ আৰু বিশ্বনাথ চাৰিআলিক সাঙুৰি “মাইনাওশ্ৰী আৰু হলংগী জিলা গঠন কৰা হ'ব ৷ বড়োসকলক সংবিধানৰ 370 (জি) অনুচ্ছেদ অনুসৰি ভূমিৰ অধিকাৰ প্ৰদান কৰা ৷
তাৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ পৰা পোন-পোটীয়াকৈ আৰ্থিক সাহাৰ্য পুঁজি প্ৰদান কৰা ৷ ওৰাং আৰু মানাসক UTC ৰ অন্তৰ্গত কৰি ৰখা, আন্তঃৰাজ্যিক পাৰপত্ৰ (ILP) প্ৰদান কৰা, কাৰ্বি আংলং আৰু বড়ো-কছাৰী সকলক জনজাতি মৰ্যাদা প্ৰদান কৰা, Bodo Public Service Commission গঠন কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ ওপৰত চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি গৃহ বিভাগৰ এক সূত্ৰত প্ৰকাশ ৷ এই শান্তি আলোচনা মধ্যস্থতা কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷