ETV Bharat / state

বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দল অংশীদাৰ হ'ব: ৰঞ্জিত দাস

author img

By

Published : Oct 12, 2020, 7:17 PM IST

বিটিচি পৰিষদীয় নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰৰ পৰাই ৰণশিঙা বজালে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।

বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দল অংশীদাৰ হ'ব: ৰঞ্জিত দাস
বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দল অংশীদাৰ হ'ব: ৰঞ্জিত দাস

কোকৰাঝাৰ, 12অক্টোবৰ: কোকৰাঝাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম প্ৰদেশ বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় । কোকৰাঝাৰত পোনপ্ৰথমবাৰৰ বাবে সোমাবাৰৰ পৰা আৰম্ভ হোৱা অসম প্ৰদেশ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাক সাজু হ'বলৈ আহ্বান জনায় ।

কোভিড- ১৯ প্ৰট'কল,বিটিচিৰ পৰিষদীয় নিৰ্বাচন স্থগিত,বিপিএফ-বিজেপিৰ মিত্ৰতাত ফাঁট আদি পৰিস্থিতিৰ মাজতে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কোকৰাঝাৰত উপস্থিত হৈ বিপিএফৰ সতে মিত্ৰতা অব্যাহত থাকিব নে নাই সেয়া কেন্দ্ৰীয় নেতৃবৰ্গই চূড়ান্ত কৰিব বুলি মন্তব্য কৰে । বিপিএফৰ বহু নেতাই বিজেপি দলত যোগদানৰ বাবে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰি ৰঞ্জিত দাসে বিটিচি পৰিষদীয় চৰকাৰত এইবাৰ বিজেপি দলে অংশীদাৰ হ'বই বুলি মন্তব্য কৰে ।

ইফালে অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক উপলক্ষে কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ পৰাই ৰঞ্জিত দাসক দলীয় কৰ্মকৰ্তাই মটৰচাইকেল সমদলেৰে আদৰি নিয়ে । উল্লেখ্য যে,তিনিদিনীয়াকৈ কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,সাংসদ দিলীপ শইকীয়া আদিকে ধৰি বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.